নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই অপৰাধৰ ৰাজধানীলৈ ৰূপান্তৰিত হৈছে নগাঁও চহৰ। দিন-দুপৰতে হাতত পিষ্টল লৈ নগাঁও চহৰত ডকাইতে চলাইছে সন্ত্ৰাস। আজি পুৱাই নগাঁও চহৰৰ হুজগাঁৱত ৪জনীয়া ডকাইতৰ দলে এগৰাকী ব্যৱসায়ীক পিষ্টল দেখুৱাই মাৰ-পিট কৰি লুটিলে ৪ লাখ টকা।
জাগুনৰ পৰা নৈশ বাছত নগাঁৱলৈ ঘূৰি অহা ছাইফুল ইছলাম নামৰ ব্যৱসায়ীগৰাকীয়ে নিজৰ মটৰচাইকেল লৈ ছোট ৰূপহীস্থিত ঘৰলৈ গৈ থকাৰ সময়তে ২খন মটৰ চাইকেলত অহা ৪জনীয়া ডকাইতৰ দলে আগচি ধৰি এই ডকাইতি কাণ্ড সংঘটিত কৰে।
ডকাইতৰ প্ৰহাৰত ছাইফুলৰ হাতৰ হাড় ভাঙি যোৱাৰ ফলত তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইপিনে পুৱাই নগাঁও চহৰত এই ডকাইতি সংঘটিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ চহৰতে ব্যাপক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
আনহাতে আজি পুৱতি নিশা নগাঁৱৰ বিকাশ ভূঞা নামৰ এগৰাকী ব্যক্তিৰ ঘৰতো চোৰে দৰ্জা ভাঙি প্ৰৱেশ কৰি ৫ লক্ষাধিক টকাৰ সোণৰ গহণা, নগদ ধন আৰু তেওঁৰ মটৰ চাইকেলখন চুৰ কৰি লৈ যায়। চোৰ-ডকাইতৰ দপদপনিয়ে আতংকিত কৰি তুলিছে চহৰখনৰ সাধাৰণ ৰাইজক। ২০১৬ৰ পূৰ্বেও নগাঁও চহৰত বহু লোমহৰ্ষক ডকাইতি সংঘটিত হৈছিল। ডকাইতৰ সন্ত্ৰাসত সৰ্বস্বান্ত হৈছিল সাধাৰণ ৰাইজ। আনকি ২০২১ৰ নিৰ্বাচনত অপৰাধমুক্ত আৰু সন্ত্ৰাসমুক্ত নগাঁও গঢ়াৰ শ্লোগানৰে ভোট বিচৰা বিধায়ক ৰূপক শৰ্মাই সাধাৰণ ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছিল। পিছে এতিয়া পুনৰ চহৰখনৰ বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপৰ বাবে চৰম নিৰাপত্তাহীনতাত ভুগিছে চহৰখনৰ সাধাৰণ নাগৰিক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|