আৰক্ষীৰ নামত দালালি কৰা যুৱকক আটক নগাঁও আৰক্ষীৰ। "আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।" আনন্দ মিশ্ৰাৰ হুংকাৰ
আৰক্ষীৰ নামত দালালি কৰা যুৱকক আটক নগাঁও আৰক্ষীৰ। "আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।" আনন্দ মিশ্ৰাৰ হুংকাৰ
আৰক্ষীৰ নামত দালালি কৰা ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক আজি গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইছফাকুৰক।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ইছফাকুৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দালালি কৰাৰ অভিযোগ উঠি আছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Nagaon SP Anand Mishra)ই এই ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈ ইছফাকুৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত DSP দিপ্তী মালীয়ে ইছফাকুৰৰ জুৰীয়াৰ গৰিয়া কাৱৈমাৰীস্থিত বাসভৱনত অভিযান চলাই ১৫০খন কেছ ডায়েৰী উদ্ধাৰ কৰে।
এই বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিব পাৰি নগাঁও আৰক্ষীৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰি কয়, "ইছফাকুৰৰ লগত জড়িত থকা নগাঁও আৰক্ষীৰ কোন বিষয়া জড়িত আছে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। আৰক্ষীৰ চাকৰি ধন ঘটাৰ বাবে নহয়। ধন ঘটিবলৈ মন থাকিলে ব্যৱসায় কৰক। আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।" উল্লেখযোগ্য যে ইছফাকুৰে নগাঁও আৰু হোজাইৰ বহু আৰক্ষী থানাত দালালি কৰাৰ অভিযোগ উঠিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|