• Home
  • »
  • News
  • »
  • crime
  • »
  • Nagaon SP Anand Mishra : 'ইৰাণলৈ ভয় কৰিব নালাগে, আপোনালোকক ন্যায় দিবলৈ আমি সাঁজু আছোঁ' কিয় ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

Nagaon SP Anand Mishra : 'ইৰাণলৈ ভয় কৰিব নালাগে, আপোনালোকক ন্যায় দিবলৈ আমি সাঁজু আছোঁ' কিয় ক'লে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

Nagaon SP Anand Mishra : এইবাৰ সুদখোৰ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

Nagaon SP Anand Mishra : এইবাৰ সুদখোৰ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

Nagaon SP Anand Mishra : এইবাৰ সুদখোৰ ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

  • Share this:
প্ৰৱঞ্চনাৰে আনৰ মাটি সম্পত্তি হস্তগত কৰা, অবৈধ সুতৰ ব্যৱসায়েৰে লুন্ঠন চলাই অজস্ৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা ভূ-মাফিয়া (land mafia) ইমৰাণ হুছেইন ওৰফে ইৰাণক(imran hussain alias iran) আজি পুৱা নগাঁও আৰক্ষীয়ে (Nagaon Police) গ্ৰেপ্তাৰ কৰে। নগাঁও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, নগাঁও চহৰৰ এ টি ৰোড (AT Road)ৰ ব্যৱসায়ী ৰাম অৱতাৰ মণিহাৰীৰ এক গোচৰৰ ভিত্তিত ইমৰাণ হুছেইনক গ্ৰেপ্তাৰ কৰা হয়।

মণিহাৰীয়ে ইমৰাণ হুছেইন ওৰফে ইৰাণৰ বিৰুদ্ধে এক প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল।   ব্যৱসায়ী মণিহাৰীয়ে অভিযোগ কৰা মতে, তেওঁৰ ভূমিৰ নথি-পত্ৰ প্ৰতাৰণাৰে হস্তগত (Land documents are cheated) কৰি মাটিৰ সেই মূল নথি ওভতাই দিয়াৰ নামত ইমাৰাণে তেওঁৰ পৰা ধন দাবী কৰিছিল। আনহাতে ব্যৱসায়ীগৰাকীয়ে দাখিল কৰা এজাহাৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৪/৪৬৮/৪২০ ধাৰাৰ অধীনত ৩২০৯/২০২১নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে। উক্ত গোচৰৰ ভিত্তিত আজি পুৱা নগাঁও আৰক্ষীয়ে  ইমৰাণ ওৰফে ইৰাণৰ বাসগৃহত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰে। আনহাতে  আৰক্ষীয়ে ইৰাণৰ নগাঁও চহৰৰ খৃষ্টানপট্টিৰ  বাসগৃহত তালাচী চলাই ভালে সংখ্যক ভূমি সংক্ৰান্তীয় নথি-পত্রও জব্দ (land Documents seized) কৰিছে।

উল্লেখ্য যে  ইমৰাণ হুছেইন ওৰফে ইৰাণ এজন কুখ্যাত ভূ-মাফিয়া হোৱাৰ লগতে উচ্চ নিৰিখত তেওঁ অবৈধ সুতৰ ব্যৱসায় (Illegal interest trade) চলাই আহিছিল।  ইমৰাণৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ২২৮৭/২০২১ নম্বৰতো আন এক গোচৰ পঞ্জীয়ন হৈ থকা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: