ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক সফল অভিযান চলাই অহাৰ সময়তে বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে আটক কৰে তিনি ড্ৰাগছ সৰবৰাহকাৰীক।

বুধবাৰে পুৱতি নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই চাপৰমুখ ৰে'ল ষ্টেচনৰ পৰা এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নগাঁৱৰ ধনীয়াভেটিৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে'লেৰে ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অবস্থাত চাপৰমুখ ৰে'ল ষ্টেচনত তিনিওকে আটক কৰে আৰক্ষীয়ে।ধৃত সৰবৰাহকাৰী কেইটা হৈছে ৰছিদুল হক আইনুল হক আৰু এগৰাকী মহিলা। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা প্ৰায়ে এনেদৰে ৰেলেৰে ড্ৰাগছ সৰবৰাহ হৈ আহিছে।ইয়াৰ পূৰ্বেও আৰক্ষীয়ে চাপৰমুখ ৰে'ল ষ্টেচনৰ পৰা কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|