• Home
  • »
  • News
  • »
  • crime
  • »
  • বেজৰ নাকতেই খৰ ! ড্ৰাগছসহ আটক SP আনন্দ মিশ্ৰৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান।

বেজৰ নাকতেই খৰ ! ড্ৰাগছসহ আটক SP আনন্দ মিশ্ৰৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান।

নগাঁৱত গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছসহ হাতে-লোটে ধৰিলে এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানক।

নগাঁৱত গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছসহ হাতে-লোটে ধৰিলে এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানক।

নগাঁৱত গাঁওৰক্ষী বাহিনীয়ে ড্ৰাগছসহ হাতে-লোটে ধৰিলে এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানক।

  • Share this:
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছ বিৰোধী অভিযানৰ বাবে গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানৰ হাততে উদ্ধাৰ হ'ল মাৰাত্মক হেৰ'ইন। জানিব পৰা মতে, বুধবাৰে নিশা এখন বাইকত অসামৰিক পোছাকত জুৰীয়ালৈ গৈ থকা ইছৰাফিল হুছেইন নামৰ এগৰাকী এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান মেৰতল নামৰ ঠাইত বাইক দূৰ্ঘটনাত পতিত হয়। গাঁওৰক্ষী বাহিনীয়ে নিচাসক্ত জোৱানজনক উদ্ধাৰ কৰি তালাচী চলোৱাত তেঁওৰ পকেটৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হয়।

গাঁওৰক্ষী বাহিনীয়ে তেঁওক ড্ৰাগছ পেডেলাৰ বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে যদিও পিছত গম পোৱা যায় তেঁও প্ৰকৃততে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান। উল্লেখযোগ্য যে, ইছৰাফিলে ৰহাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান সামৰি নগাঁও আৰক্ষী ছাউনীৰ পৰা ঘৰলৈ ঘূৰিছিল। কিন্তু তেঁও কিহৰ বাবে ঘৰলৈ ড্ৰাগছ লৈ গৈছিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। ৰাইজৰ সন্দেহ, হয়তো জুৰীয়াত ড্ৰাগছখিনি বেছিবলৈ নিছিল ইছৰাফিলে।

এই ঘটনাৰ পিছতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইছৰাফিলক উদ্ধাৰ কৰে। কিন্তু এজন আৰক্ষী জোৱানেই ড্ৰাগছ লৈ ফুৰা ঘটনাক সহজভাৱে ল'ব পৰা নাই নগাঁৱৰ ৰাইজে।
Published by:Manjumoni Borah
First published: