মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত, কচুৱা শিমলুগুৰিত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ।

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত, কচুৱা শিমলুগুৰিত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ।

News18 Assam | News18-Assam
Updated:July 16, 2021, 11:23 PM IST
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত, কচুৱা শিমলুগুৰিত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ।
জব্দ কৰা  ৩৫.৮৫ গ্ৰামৰ হেৰ‌'ইনখিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ।

জব্দ কৰা  ৩৫.৮৫ গ্ৰামৰ হেৰ‌'ইনখিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ।

  • Share this:
সমগ্র ৰাজ্যজুৰি তুংগত উঠিছে  ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ লগতে নগাঁৱতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি আছে । নগাঁও সদৰ আৰক্ষী থানা আৰু কচুৱা আৰক্ষী থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই আজি কচুৱা শিমলুগুৰি গাঁৱৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হেৰ‌'ইনসহ আটক কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ আৰক্ষীয়ে জব্দ কৰা  ৩৫.৮৫ গ্ৰামৰ হেৰ‌'ইন খিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। আটকাধীন যুৱক দুজন হৈছে আবাল হুছেইন  আৰু আব্দুল আজিজ । ধৃত যুৱক দুজনৰ ঘৰৰ পৰা আৰক্ষীয়ে চাৰি পেকেট ড্ৰাগছ  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
Published by: Manjumoni Borah
First published: July 16, 2021, 11:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি