• Home
  • »
  • News
  • »
  • crime
  • »
  • Police Operation: নিশাৰ আন্ধাৰত নহয়, ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা

Police Operation: নিশাৰ আন্ধাৰত নহয়, ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা

Police Operation: ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা নকল টকা সৰবৰাহকাৰীলৈ।আটক তিনি।এটা সৰবৰাকাৰী সামান্য আহত

Police Operation: ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা নকল টকা সৰবৰাহকাৰীলৈ।আটক তিনি।এটা সৰবৰাকাৰী সামান্য আহত

Police Operation: ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা নকল টকা সৰবৰাহকাৰীলৈ।আটক তিনি।এটা সৰবৰাকাৰী সামান্য আহত

  • Share this:
এইবাৰ ৰহাত দিনৰ পোহৰতে আৰক্ষীৰ গুলীচালনা নকল টকা সৰবৰাহকাৰীলৈ। প্ৰায় পঞ্চাশ লাখ নকল টকাসহ তিনিটা সৰবৰাহকাৰী আটক কৰিলে আৰক্ষীয়ে। ছেগ বুজি এটা সৰবৰাহকাৰী পলাবলৈ সক্ষম হয়।

জানিব পৰা মতে গোপন সুত্ৰৰ ভিত্তিত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নকল টকা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়। তিনিটা সৰবৰাহকাৰীয়ে AS-02-AG-4379 নম্বৰৰ এল্ট' বাহনেৰে নকল টকা লৈ নগাঁৱৰ ফালৰ পৰা আহি ৰহা পাৰ হওতেই আৰক্ষীয়ে পিছে পিছে খেদি গৈ আগচি ধৰে। কিন্তু সৰবৰাহকাৰীকেইটাই আৰক্ষীক খুন্দিয়াই পলাবলৈ লওঁতেই আৰক্ষীয়ে নকল টকা সৰবৰাহকাৰী কেইটালৈ লক্ষ্য কৰি গুলীয়ায়।

দুৰ্বৃত্তকেইটাৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী আহত হয়। ইফালে আৰক্ষীৰ গুলী গৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এখন এম্বুলেঞ্চত লাগে যদিও কথমপি এম্বুলেঞ্চত থকা লোকসকল ৰক্ষা পৰে।

আৰক্ষীয়ে আটক কৰা নকল টকা সৰবৰাহকাৰীকেইটা  ক্ৰমে কচুৱাৰ বাবুল আলী, আব্দুল হাছান আৰু আইজুল হক। ইয়াৰে বাবুল আলীৰ ভৰিৰ আঙুলিত গুলী লগাত  আঘাতপ্ৰাপ্ত হয়। বাবুল আলীৰ আঘাত গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে। আহত আৰক্ষী জোৱান জনৰ লগতে বাবুল আলীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে নকল টকা সৰবৰাহকাৰী দলটো ডকাইতি আদি ঘটনাৰ লগতো জড়িত আছিল। শেহতীয়াকৈ কচুৱাত সংঘটিত ডকাইতিৰ ঘটনাৰ লগতো জড়িত আছিল দলটো।আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা প্ৰায় পঞ্চাশ লাখ নকল টকা, এখন বাহন, বাইক আৰু টকা বনোৱা মেচিন জব্দ কৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি