মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»নগাঁও আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত তীৰ মাফিয়া বাবুল আলী। তীৰ চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ।

নগাঁও আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত তীৰ মাফিয়া বাবুল আলী। তীৰ চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ।

News18 Assam | News18-Assam
Updated:July 15, 2021, 9:54 PM IST
নগাঁও আৰক্ষীৰ চকুত ধূলি দি পলাল কুখ্যাত তীৰ মাফিয়া বাবুল আলী। তীৰ চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ।
নগাঁও আৰক্ষীয়ে বাবুল আলীৰ লগতে আছান আহমেদ আৰু এপ'ল নামৰ তীৰ মাফিয়াকেইটাক বিচাৰি অভিযান চলাই আছে।

নগাঁও আৰক্ষীয়ে বাবুল আলীৰ লগতে আছান আহমেদ আৰু এপ'ল নামৰ তীৰ মাফিয়াকেইটাক বিচাৰি অভিযান চলাই আছে।

  • Share this:
দীৰ্ঘদিন ধৰি নগাঁও চহৰত অবৈধ তীৰৰ ব্যৱসায় চলাই থকা কুখ্যাত তীৰ মাফিয়া বাবুল আলী আৰু আছান আহমেদক বিচাৰি আজি নগাঁও আৰক্ষীয়ে অভিযান চলায়। বাবুল আলীৰ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ অট্টালিকাত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল। অভিযানকাৰী আৰক্ষীক দেখি বাবুল আলীয়ে দেৱাল পাৰ  হৈ পলায়ন কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বাবুলৰ তিনি সহযোগী হজৰৎ আলী, আকবৰ আলী আৰু ছাইফ আলী আহমেদক তীৰৰ ব্যৱসায়ত ব্যৱহৃত সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।  আৰক্ষীয়ে বাবুল আলীৰ লগতে আছান আহমেদ আৰু এপ'ল নামৰ তীৰ মাফিয়াকেইটাক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই অবৈধ তীৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নগাঁও আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: July 15, 2021, 9:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি