• Home
  • »
  • News
  • »
  • crime
  • »
  • Fraudstar Mridupawan Neog : প্ৰৱঞ্চক মৃদুপৱন নেওগৰ ঘনিষ্ঠ প্ৰাক্তন বিধায়কৰ সন্ধানত নগাঁও আৰক্ষী, বৰাকৰ প্ৰাক্তন বিধায়কৰ চৰকাৰী আৱাসতে হৈছিল বহু গোপন পৰিকল্পনা

Fraudstar Mridupawan Neog : প্ৰৱঞ্চক মৃদুপৱন নেওগৰ ঘনিষ্ঠ প্ৰাক্তন বিধায়কৰ সন্ধানত নগাঁও আৰক্ষী, বৰাকৰ প্ৰাক্তন বিধায়কৰ চৰকাৰী আৱাসতে হৈছিল বহু গোপন পৰিকল্পনা

 Fraudstar Mridupawan Neog :  এইগৰাকী বিধায়কৰ বিধায়ক আৱাসতে মৃদুপৱন নেওগে বহু লোকৰ সৈতে গোপন বৈঠকতো মিলিত হৈছিল।

Fraudstar Mridupawan Neog : এইগৰাকী বিধায়কৰ বিধায়ক আৱাসতে মৃদুপৱন নেওগে বহু লোকৰ সৈতে গোপন বৈঠকতো মিলিত হৈছিল।

Fraudstar Mridupawan Neog : এইগৰাকী বিধায়কৰ বিধায়ক আৱাসতে মৃদুপৱন নেওগে বহু লোকৰ সৈতে গোপন বৈঠকতো মিলিত হৈছিল।

  • Share this:
হাইপ্ৰফাইল প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সৈতে সুসম্পৰ্ক থকা বৰাকৰ এগৰাকী প্ৰাক্তন বিধায়কক শীঘ্ৰেই জেৰা চলাব পাৰে নগাঁও আৰক্ষীয়ে। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই বিধায়ক গৰাকীৰ সৈতে অতি ঘনিষ্ঠ মৃদুপৱন নেওগক আত্মগোপন কৰাত এইগৰাকী বিধায়কে যথেষ্ট সহায় কৰিছিল।

পূৰ্বে এইগৰাকী বিধায়কৰ বিধায়ক আৱাসতে মৃদুপৱন নেওগে বহু লোকৰ সৈতে গোপন বৈঠকতো মিলিত হৈছিল। এটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মৃদুপৱন নেওগৰ সৈতে মিলি বহু লোকক প্ৰৱঞ্চনাও কৰিছিল। আনহাতে, আজিৰ পৰা দুবছৰ আগতে বিধায়ক গৰাকী এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ সময়ত চিকিৎসাৰ সমস্ত খৰচ ব্যয় কৰিছিল মৃদুপৱনে।

মৃদুপৱনে আনকি বিগত চৰকাৰৰ কাৰ্যকালত এইগৰাকী বিধায়কৰ চৰকাৰী বাহনো ব্যৱহাৰ কৰিছিল। নিজকে বিধায়ক আৱাসৰ বাসিন্দা বুলি পৰিচয় দি মৃদুপৱনে বিয়পাইছিল প্ৰৱঞ্চনাৰ জাল আৰু মৃদুপৱনক এই কাৰ্যত সহযোগ কৰিছিল বৰাক উপত্যকাৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে এইগৰাকী প্ৰাক্তন বিধায়ক সন্দৰ্ভত বহু তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে আৰু অতি শীঘ্ৰেই মৃদুপৱনৰ গোচৰ সন্দৰ্ভত তেঁওক জেৰা চলোৱাৰো সম্ভাৱনা আছে।
Published by:Manjumoni Borah
First published: