• Home
  • »
  • News
  • »
  • crime
  • »
  • ড্ৰাগছৰ জৰিয়তে উত্তৰ-পূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ বিদ্ৰোহী সংগঠনৰ ! আৰক্ষীৰ গুলীত আহত হকিনচন আছিল NSCN(IM)ৰ ডেপুটি কামাণ্ডেণ্ট, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য...

ড্ৰাগছৰ জৰিয়তে উত্তৰ-পূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ বিদ্ৰোহী সংগঠনৰ ! আৰক্ষীৰ গুলীত আহত হকিনচন আছিল NSCN(IM)ৰ ডেপুটি কামাণ্ডেণ্ট, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য...

২০১২চনৰে পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ম'ষ্ট ৱাণ্টেডৰ তালিকাত আৰ কে হকিনচন। নগাঁও আৰক্ষীৰ গুলীত আহত মণিপুৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হকিনচন আছিল এনএছচিএন ইছাক মুইভা গোটৰ ডেপুটী কামাণ্ডেণ্ট।

  • Share this:
উত্তৰ-পূবত ড্ৰাগছৰ ব্যৱসায়ৰ অন্তৰালত নগা বিদ্ৰোহী সংগঠন এনএছচিএন জড়িত বুলি বহুবাৰ অভিযোগ উত্থাপিত হৈছে। সেই কথাই পুনৰ প্ৰমাণ হৈছে নগাঁও আৰক্ষীৰ তদন্তত। নগাঁও আৰক্ষীৰ গুলীত আহত মণিপুৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰ কে হকিনচন আছিল এনএছচিএন ইছাক মুইভা গোটৰ ডেপুটী কামাণ্ডেণ্ট।

নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনৰ দুধৰ্ষ নেতাগৰাকীৰ নেতৃত্বতে ২০১০ চনৰে পৰা উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত চলিছিল ড্ৰাগছৰ ব্যৱসায়। আৰ কে হকিনচনৰ দৰে কেইজনমান এনএছচিএন নেতাৰ নেতৃত্বতে উত্তৰ-পূবৰ যুৱ প্ৰজন্মক পংগু কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। ম্যানমাৰ সীমান্তৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ ড্ৰাগছৰ যোগান ধৰা আৰ কে হকিনচন হৈ পৰিছিল কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰো ম'ষ্ট ৱাণ্টেড। কিন্তু নগাঁও আৰক্ষীয়ে আৰ কে হকিনচনক এগৰাকী কুখ্যাত ড্ৰাগছ মাফিয়া বুলিয়ে জানিছিল। ডিমাপুৰৰ পৰা ড্ৰাগছৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰা আৰ কে হকিনচনক ২৫অক্টোবৰত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে চলাইছে মাৰাথান জেৰা। আৰক্ষীৰ জেৰাতে পোহৰলৈ আহিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ ম'ষ্ট ৱাণ্টেড আৰ কে হকিনচন আৰু কুখ্যাত ড্ৰাগছ মাফিয়া একেজন ব্যক্তিয়ে। এতিয়া নগাঁও আৰক্ষীয়ে এনএছচিএন আৰু ড্ৰাগছৰ বেহা সন্দৰ্ভত আৰু অধিক তথ্য বিচাৰি হকিনচনক জেৰা অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published: