মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»পুনৰ গুলীচালনা! নগাঁৱত আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আজিজুল হক, উদ্ধাৰ নিচাজাতীয় ঔষধ।

পুনৰ গুলীচালনা! নগাঁৱত আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আজিজুল হক, উদ্ধাৰ নিচাজাতীয় ঔষধ।

News18 Assam | News18-Assam
Updated:July 10, 2021, 11:53 PM IST
পুনৰ গুলীচালনা! নগাঁৱত আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আজিজুল হক, উদ্ধাৰ নিচাজাতীয় ঔষধ।
আৰক্ষীয়ে আজিজুলক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও আজিজুলে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে এজাই গুলী চালনা কৰে।

আৰক্ষীয়ে আজিজুলক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও আজিজুলে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে এজাই গুলী চালনা কৰে।

  • Share this:
নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে এটা ড্ৰাগছ মাফিয়া। জানিবপৰা মতে, শনিবাৰে নিশা নগাঁৱৰ বৰঘাটত এক গোপন সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে ড্ৰাগছ মাফিয়াৰ অপেক্ষাত খাপ পিটি আছিল। কিছু সময় পিছতে আজিজুল হকে এজন সহযোগীৰ সৈতে মটৰচাইকেলত আহি আৰক্ষীৰ দলটোৰ মুখামুখি হয়।

আৰক্ষীৰ দলটোৱে আজিজুলক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও আজিজুলে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে আজিজুললৈ লক্ষ্য কৰি এজাই গুলী নিক্ষেপ কৰে। আৰক্ষীৰ গুলীত আহত আজিজুলক আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে যদিও আজিজুলৰ লগত থকা আনগৰাকী ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে আহত আজিজুলক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। আনহাতে পলায়ন কৰা আন গৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: July 10, 2021, 11:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি