নগাঁৱৰ কাৱৈমাৰীত আৰক্ষীৰ অভিযান। ব্ৰাউন ছুগাৰসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী।আটকাধীন ড্ৰাগছ পেডেলাৰ দুজনৰ নাম হাৰুণ ৰছিদ আৰু ৰফিকুল ইছলাম।
নগাঁৱৰ ASP(Crime) ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল অভিযান। আৰক্ষীয়ে তিনিটা চাবোনৰ বাকছত উদ্ধাৰ কৰিছে হেৰ'ইন।
উল্লেখ্য, ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহ। নগাঁও জিলাতো অব্যাহত আছে এনে অপৰাধমূলক কাৰ্যকলাপ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|