নগাঁৱত গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নগাঁও বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু সদৰ থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে আজি সন্ধিয়া গৰুৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই ১০ টাকৈ পশুধন জব্দ কৰে।নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীত অভিযান চলাই আৰক্ষীয়ে এই পশুধনসমূহ জব্দ কৰিছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, এএছ–০২বিচি–৩৯৩২ আৰু এএছ–০২ বি চি–৩১২২ নম্বৰৰ দুখন গাড়ীত পশুধনসমূহ আনিছিল। আৰক্ষীয়ে অভিযানত চোৰাং গৰু ব্যৱসায়ত জড়িত গোলাম মোস্তাফা নামৰ এজন মোষ্ট ৱাণ্টেড গো মাফিয়াক আটক কৰিছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, মোস্তাফা দীৰ্ঘদিন ধৰি গৰুৰ চোৰাং ব্যৱসায়ত জড়িত আছিল৷ আৰক্ষীয়ে পশুধনৰ লগতে শিয়ালমাৰীত থকা গোলাম মোস্তাফাৰ এটা অবৈধ গৰু চামৰাৰ গুদামো জব্দ কৰে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, গোলাম মোস্তাফাই বাংলাদেশ সীমান্তলৈ চোৰাং গৰু চালান দিছিল। আনহাতে চামৰাৰ চোৰাং ব্যৱসায়তো জড়িত আছিল গোলাম মোস্তাফা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|