মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Nagaon Murder Case: জীৱনত শেষবাৰৰ বাবে হোলী খেলিলে মমীয়ে, স্বামীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে ব্যক্তিগত বিদ্যালয়ত চাফাই কৰ্মীৰ কাম কৰিছিল মমীয়ে

Nagaon Murder Case: জীৱনত শেষবাৰৰ বাবে হোলী খেলিলে মমীয়ে, স্বামীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে ব্যক্তিগত বিদ্যালয়ত চাফাই কৰ্মীৰ কাম কৰিছিল মমীয়ে

১১ মাৰ্চৰ পুৱাও হত্যাকাৰী নাৰায়ণক প্ৰত্যক্ষ কৰিছিল কেচাআলিৰ ৰাইজে

১১ মাৰ্চৰ পুৱাও হত্যাকাৰী নাৰায়ণক প্ৰত্যক্ষ কৰিছিল কেচাআলিৰ ৰাইজে

১১ মাৰ্চৰ পুৱাও হত্যাকাৰী নাৰায়ণক প্ৰত্যক্ষ কৰিছিল কেচাআলিৰ ৰাইজে

  • Share this:
৮ মাৰ্চৰ দুপৰীয়ালৈকে ওচৰ-চুবুৰীয়াৰ সৈতে হোলী খেলি আনন্দ-উল্লাস কৰা মমীয়ে হয়তো ভবাও নাছিল যে সেয়াই তেওঁৰ জীৱনৰ অন্তিমটো মুহুৰ্ত হ'ব। সেই নিশাই স্বামীৰ নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতি লৈছিল দুৰ্ভগীয়া মমী দাসে। মমী দাসৰ স্বামী নাৰায়ণ দাস এজন ই-ৰিক্সা চালক আছিল। পিছে ই-ৰিক্সা চলাই কৰা উপাৰ্জন নাৰায়ণে কেৱল নিচাৰ নামতে খৰচ কৰিছিল। নিতৌ সুৰাপান কৰি মমীক অকথ্য নিৰ্যাতন চলাইছিল নাৰায়ণে। কিন্তু পৰিয়ালটো ভালদৰে চলাই নিয়াৰ বাবেই সকলো সহ্য কৰি গৈছিল মমীয়ে। স্বামীক সন্তুষ্ট কৰাৰ বাবে নেচনেল একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ স্কুল খনত মমীয়ে চাফাই কৰ্মীৰ কামো কৰিছিল। মমীৰ উপাৰ্জনৰ ধনৰে চলিছিল নাৰায়ণৰ লগতে নাৰায়ণৰ বৃদ্ধা মাতৃও।

উল্লেখনীয় যে, ৰহস্যজনক ভাৱে মমীৰ মৃত্যুৰ পিছৰপৰাই নিৰুদ্দেশ হৈ আছে নাৰায়ণৰ মাতৃও। ১১ মাৰ্চৰ পুৱাও নাৰায়ণক প্ৰত্যক্ষ কৰিছিল ডিমৰুগুৰি কেচাআলিৰ ৰাইজে। কিন্তু ১১ মাৰ্চৰ দুপৰীয়াৰ পৰা উৎকট দুৰ্গন্ধত থাকিব নোৱাৰা হৈছিল কেচাআলিৰ ৰাইজ। ৮ মাৰ্চতে হত্যা কৰি পুতি থোৱা মমীৰ মৃতদেহ লাহে লাহে গলিবলৈ আৰম্ভ কৰিছিল। সেয়ে উৎকট দুৰ্গন্ধই চানি ধৰিছিল সমগ্ৰ অঞ্চলটো। ৰাইজে ভাবিছিল কোনো লোকে জীৱ-জন্তুৰ দেহ হয়তো মুকলিত পেলাই থৈছে। পিছত এগৰাকী শ্ৰমিকে মমীৰ মৃতদেহৰ আঙুলি ওপৰলৈ উলাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়াক খবৰ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে। মমীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সেই স্থানৰ পৰা সংগোপনে পলায়ণ কৰে হত্যাকাৰী স্বামী নাৰায়ণ দাসে।

শেহতীয়া বাতৰি