ভাৰতীয় ষ্টেট বেংকৰ পৰা ৰেহাইযুক্ত ঋণ দিয়াৰ প্ৰলোভনৰে কোটি কোটি টকা সংগ্ৰহ কৰা এভাৰগ্ৰীণ নামৰ কোম্পানীৰ অন্তৰ্গত চিএছপিৰ ৩কৰ্মচাৰীক আটক কৰিছে নগাঁও আৰক্ষীয়ে।
নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে নগাঁও আৰু জুৰীয়াত অভিযান চলাই হবিবুৰ ৰহমান, ফকৰুল ইছলাম আৰু জিয়াউৰ ৰহমান নামৰ ৩জন চিএছপিৰ কৰ্মচাৰীক আটক কৰিছে। পলাতক অৱস্থাত আছে ৰূপহীৰ হবিবুৰ ৰহমান নামৰ আন এটা প্ৰৱঞ্চক। জানিব পৰা মতে, ছাইফুলক ৫০শতাংশ ৰেহাইত ৫০লাখ টকা ঋণ ভাৰতীয় ষ্টেট বেংকৰ পৰা প্ৰদান কৰাৰ প্ৰলোভনৰে এই ৪গৰাকী প্ৰৱঞ্চকে ১০ লাখ টকা বিচাৰিছিল। ইয়াৰে ৭ লাখ ৫০ হাজাৰ টকা ছাইফুলে আদায় দিছিল যদিও ঋণ নোপোৱাত তেওঁৰ সন্দেহ হয় আৰু নগাঁও আৰক্ষীৰ কাষ চাপে। পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীয়ে এই ৪ প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাই ৩জনক আটক কৰাৰ লগতে ঋণৰ প্ৰদানৰ নামত প্ৰদান কৰা বহু ভুৱা প্ৰ-পত্ৰও উদ্ধাৰ কৰে। আনহাতে এই চক্ৰটোৰ সৈতে গ্ৰামোন্নয়ণ বিভাগত কৰ্মৰত এগৰাকী জিআৰএছো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। বৰ্তমান নগাঁও আৰক্ষীয়ে হবিবুৰ ৰহমানৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ লগতে এভাৰগ্ৰীণ নামৰ চিএছপি সেৱা প্ৰদানকাৰী কোম্পানীটোৰ বিৰুদ্ধেও তদন্ত অব্যাহত ৰাখিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 22, 2023, 18:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।