
কাতি বিহুৰ দিনাই কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৰালিগাঁৱৰ বালিবাটৰ এটা শিলভঙা উদ্যোগত মুৰ্মূষু অৱস্থাত উদ্ধাৰ এগৰাকী ৬ বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।
কাতি বিহুৰ দিনাই কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৰালিগাঁৱৰ বালিবাটৰ এটা শিলভঙা উদ্যোগত মুৰ্মূষু অৱস্থাত উদ্ধাৰ এগৰাকী ৬ বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।
কাতি বিহুৰ দিনাই কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৰালিগাঁৱৰ বালিবাটৰ এটা শিলভঙা উদ্যোগত মুৰ্মূষু অৱস্থাত উদ্ধাৰ এগৰাকী ৬ বছৰীয়া কিশোৰী। বজৰঙ্গ ক্ৰেছাৰ উদ্যোগৰ চৌহদৰ এটি শৌচাগাৰত সোমবাৰে বিয়লি আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী। শৰীৰৰ ভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকা কিশোৰীগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।
কিশোৰীগৰাকীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যাৰ কৰাৰ অভিযোগ পৰিয়ালৰ। শিলভঙা উদ্যোগটোৰ সমীপতে কিশোৰীগৰাকীৰ ঘৰ। ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।
কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, এতিয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ ঘটনাৰ প্ৰকৃত ৰহস্য !
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|