মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নগাঁৱৰ কচুৱাত আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত দিলদাৰ হুছেইন, জব্দ গুলীসহ ৰিভলভাৰ আৰু তৰোৱাল ... !

নগাঁৱৰ কচুৱাত আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত দিলদাৰ হুছেইন, জব্দ গুলীসহ ৰিভলভাৰ আৰু তৰোৱাল ... !

নগাঁৱৰ কচুৱাত আৰক্ষীৰ জালত এটা কুখ্যাত ডকাইত। ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে পাঁচ জাই সজীৱ গুলীৰ সৈতে এটা ৰিভলভাৰ আৰু এখন তৰোৱাল।

নগাঁৱৰ কচুৱাত আৰক্ষীৰ জালত এটা কুখ্যাত ডকাইত। ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে পাঁচ জাই সজীৱ গুলীৰ সৈতে এটা ৰিভলভাৰ আৰু এখন তৰোৱাল।

  • Share this:
নগাঁৱৰ কচুৱাত কচুৱা আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত ডকাইত । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা কচুৱাৰ চাংখোলাৰ পৰা আৰক্ষীয়ে আটক কৰে কুখ্যাত ডকাইতটোক।

ডকাইতটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পাঁচ জাই সজীৱ গুলীৰ সৈতে এটা ৰিভলভাৰ আৰু এখন তৰোৱাল। ধৃত কুখ্যাত ডকাইতটোৰ নাম দিলদাৰ হুছেইন। দিলদাৰ হুছেইনে আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যেপূৰ্বেও ডকাইতি গোচৰত জেল হাজোতত আছিল দিলদাৰ হুছেইন। বিভিন্ন অঞ্চলত  সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত  কুখ্যাত ডকাইতটোৰ গ্ৰেপ্তাৰৰ পিছত ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে।

শেহতীয়া বাতৰি