পুনৰ নগাঁৱত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতে নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। আইপিএছ বিষয়া আনন্দ মিশ্ৰক নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়াৰ পিছতে নগাঁৱত গঠন কৰা হৈছিল এণ্টি নাৰ্কটিক স্কোৱাড।
এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া নিহত হোৱাৰ লগতে গুলীবিদ্ধ হৈছিল আন কেইবাটাও ড্ৰাগছ মাফিয়া। আৰক্ষীৰ জালত পৰিছিল দুই শতাধিক ড্ৰাগছ সৰবৰাহকাৰী, জব্দ হৈছিল ৫কোটিৰো অধিক মূল্যৰ ড্ৰাগছ। ড্ৰাগছৰ ঘাটি ৰূপে পৰিচিত ফাঁচীৰোডত চলোৱা হৈছিল উচ্ছেদ। পিছে কীৰ্তিকমল বৰাৰ ভূল এনকাউণ্টাৰৰ বাবেই বন্ধ কৰি দিয়া হৈছিল নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাড। শাস্তিমূলক বদলি কৰা হৈছিল নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা আইপিএছ বিষয়া আনন্দ মিশ্ৰক। ইয়াৰ পিছতেই যেন ড্ৰাগছৰ ঘাটি ৰূপে পৰিচিত নগাঁৱত পুনৰ খোপনি পুটিবলৈ চেষ্টা কৰিলে ড্ৰাগছ মাফিয়াই। আৰক্ষীৰ এনকাউণ্টাৰৰ ভয়ত ব্যৱসায় বন্ধ কৰা বহু ড্ৰাগছ মাফিয়াই পুনৰ নগাঁৱৰ বিভিন্ন ঠাইত গোপনে ড্ৰাগছৰ সৰবৰাহ কৰাৰ খবৰ পোৱা গৈছে। ড্ৰাগছ আসক্ত হৈ পুনৰ ধ্বংসৰ মুখলৈ গতি কৰিছে নগাঁৱৰ যুৱ প্ৰজন্ম। নগাঁৱৰ পুৰণিগুদামৰ হিৰকজ্যোতি বৰা নামৰ এজন যুৱকৰ মৃত্যুৰ পিছতে এই কথা।পুনৰ পোহৰলৈ আহিছে। এসময়ত বিভিন্ন সাংস্কৃতিক দিশত জড়িত যুৱকজনে ড্ৰাগছ আসক্ত হৈ ৰুগীয়া হৈ পৰিছিল। অধিক হাঁৰত ড্ৰাগছ সেৱন কৰাৰ ফলতে যোৱা ২২জুলাইত যুৱকজনে কৰুণভাৱে মৃত্যুক সাঁৱতি লৈছে।
ইপিনে নিতৌ চহৰখনৰ বিভিন্নস্থানত আৰক্ষীৰ অভিযানত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই নগাঁৱত চলি থকা ড্ৰাগছৰ সাম্ৰাজ্যৰ কথা পুনৰ প্ৰমাণ কৰিছে। আজিও নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ হেৰ'ইন ,নিচাযুক্ত ঔষধ সহ চাৰিটা ড্ৰাগছ্ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী চাৰিটা হ'ল কৌশিক বৰা, স্বাৰোক আহমেদ, ছাইফুল আৰু জাকিৰ হুছেইন । এক গোপন খবৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীৰ এটা দলে পুৱা নগাঁও চহৰৰ মোল্লাপট্টিত অভিযান চলাই প্ৰথমে মোল্লাপট্টিৰ ছাইফুল (৩৬) আৰু জাকিৰ হুছেইনক (৩৮) গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা বুজন পৰিমানৰ নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত বিয়লি চহৰখনৰ উত্তৰ হয়বৰগাঁৱত অভিযান চলাই ৩০টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ সহ কৌশিক বৰা আৰু স্বাৰোক আহমেদক গ্ৰেপ্তাৰ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : July 31, 2022, 02:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।