• Home
  • »
  • News
  • »
  • crime
  • »
  • নগাঁও জিলাত FCIৰ চাউল চুৰিৰ ভংয়কৰ কাণ্ড। FCIৰ চাউল ভৰ্তি ট্ৰাক সমবায়লৈ যোৱাৰ পৰিৱৰ্তে মাজবাটতে হৰলুকি।

নগাঁও জিলাত FCIৰ চাউল চুৰিৰ ভংয়কৰ কাণ্ড। FCIৰ চাউল ভৰ্তি ট্ৰাক সমবায়লৈ যোৱাৰ পৰিৱৰ্তে মাজবাটতে হৰলুকি।

কংগ্ৰেছ নেতা ছেলিমে ক্ৰয় কৰিছিল ১২ বস্তা আৰু হান্নানে ক্ৰয় কৰিছিল ৯২ বস্তা FCIৰ চাউল। বৰ্তমানেও পলাতক হৈ আছে হান্নান সৰকাৰ আৰু ছেলিম।

কংগ্ৰেছ নেতা ছেলিমে ক্ৰয় কৰিছিল ১২ বস্তা আৰু হান্নানে ক্ৰয় কৰিছিল ৯২ বস্তা FCIৰ চাউল। বৰ্তমানেও পলাতক হৈ আছে হান্নান সৰকাৰ আৰু ছেলিম।

কংগ্ৰেছ নেতা ছেলিমে ক্ৰয় কৰিছিল ১২ বস্তা আৰু হান্নানে ক্ৰয় কৰিছিল ৯২ বস্তা FCIৰ চাউল। বৰ্তমানেও পলাতক হৈ আছে হান্নান সৰকাৰ আৰু ছেলিম।

  • Share this:
নগাঁও জিলাত সংঘটিত হৈছে FCIৰ চাউল চুৰিৰ ভংয়কৰ ঘটনা। FCI গুদামৰ পৰা অহা চাউল ভৰ্তি ট্ৰাক সমবায়ৰ গুদামৰ পৰিৱৰ্তে মাজবাটতে হৰলুকি হোৱাৰ ঘটনাই সমগ্ৰ নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

AS-01-Y-8481 নম্বৰৰ  ট্ৰাকখনেৰে  ৰাজ্যৰ অসামৰিক যোগান বিভাগে দৰিদ্ৰ ৰাইজৰ বাবে যোগান ধৰা চাউল প্ৰেৰণ কৰিছিল লাহৰীঘাট সমবায়লৈ। কিন্তু মাজবাটতে ১০৪ বস্তা চাউল বিক্ৰি কৰে গাড়ীৰ চালকজনে। এই চোৰাং চাউল ক্ৰয় কৰাৰ অভিযোগ উঠিছে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক ওৰফে ছেলিম আৰু  ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সম্পাদক জেহিৰুল ইছলামৰ বিৰুদ্ধে । লগতে চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ উঠিছে  হান্নান সৰকাৰ নামৰ লোক এজনৰ বিৰুদ্ধেও ৷

ধিং আৰক্ষীয়ে কংগ্ৰেছী নেতা ছেলিমৰ জুৰীয়াৰ আলিটাঙনীস্থিত ঘৰত তালাচি চলাই ১২ বস্তা চাউল উদ্বাৰ কৰে। লগতে ছেলিমৰ ভাতৃ জেহিৰুল ইছলাম আৰু আজমল হুছেইনক  গ্ৰেপ্তাৰ কৰে যদিও ছেলিম বৰ্তমানলৈ পলাতক হৈ আছে ।

উল্লেখ্য যে, কংগ্ৰেছ নেতা ছেলিমে ক্ৰয় কৰিছিল ১২ বস্তা চোৰাং চাউল আৰু  হান্নানে ক্ৰয় কৰিছিল ৯২ বস্তা FCIৰ চাউল। ইফালে ধিং আৰক্ষীয়ে হান্নান চৰকাৰৰ ঘৰতো তালাচী চলায় যদিও হান্নানৰ ঘৰৰ পৰা এই পৰ্যন্ত উদ্বাৰ হোৱা নাই চোৰাং চাউলখিনি। বৰ্তমানেও পলাতক হৈ আছে হান্নান সৰকাৰ।

এই সন্দৰ্ভত ধিং আৰক্ষীয়ে আটক কৰা লোক দুজনৰ বিৰুদ্ধে 229/21 নম্বৰত 407/420 ধাৰাত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি চাউলৰ চোৰাং বেহাৰ  লগত জড়িত  দুই মূল অভিযুক্ত ছেলিম আৰু হান্নানক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published: