Nagaon Encounter : নগাঁৱত কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল'জ।
Nagaon Encounter : নগাঁৱত কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰত অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল'জ।
প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰক (Nagaon Encounter) লৈ উত্তাল হৈ পৰিছে নগাঁও। শনিবাৰে নিশা নগাঁও চহৰৰ কঁচলুখোৱাত এগৰাকী সৰবৰহী যুৱক কীৰ্তি কমল বৰাক নগাঁও আৰক্ষী (Nagaon Police)ৰ এণ্টি নাৰ্ক'টিক স্কোৱাডে এনকাউণ্টাৰ কৰাৰ পিছতে সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জানিব পৰা মতে শনিবাৰে নিশা ফাৰ্মাচীৰ পৰা মাতৃৰ বাবে ঔষধ ক্ৰয় কৰি ঘৰলৈ ঘূৰি অহাৰ সময়তে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডৰ এটি অভিযানকাৰী দলৰ মুখামুখি হয়। সেই সময়ত আৰক্ষীৰ দলটোৱে জাকিৰ হুছেইন নামৰ এজন ব্যক্তিক সোধা-পোছা কৰি আছিল। আৰক্ষীৰ অভিযোগ অনুসৰি অসামৰিক পোছাকত থকা আৰক্ষীৰ দলটোৰ সৈতে কীৰ্তি কমল সংঘাতত লিপ্ত হয় আৰু ইয়াৰ পিছতে প্ৰদীপ বণিয়া নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীয়ে কীৰ্তিকমলৰ ভৰিত গুলী কৰে।
আৰক্ষীয়ে অভিযোগ কৰা অনুসৰি কীৰ্তিকমল বৰাই নিজৰ হাতত থকা হেলমেটৰে আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক আক্ৰমণ কৰে আৰু আত্মৰক্ষাৰ বাবে বণিয়াই কীৰ্তিকমলৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়। পিছে কঁচলুখোৱাৰ ৰাইজ তথা কীৰ্তিকমলৰ আত্মীয়ই এই সমগ্ৰ ঘটনাক নস্যাৎ কৰাৰ লগতে প্ৰদীপ বণিয়াই পৰিকল্পিত ভাৱে কীৰ্তিক গুলীবিদ্ধ কৰাৰ অভিযোগ কৰে।
এই এনকাউণ্টাৰৰ পিছৰে পৰা নগাঁৱত উত্তেজনা বিয়পি পৰে। আজি পুৱা এই ঘটনাৰ বিৰুদ্ধে বহু দল-সংগঠনে প্ৰতিবাদ স্যবস্ত কৰে। অসম ছাত্ৰ পৰিষদৰ নেতা কাশ্যপ ফুকনৰ নেতৃত্বত নগাঁও মহাবিদ্যালয়ৰ পৰা সদৰ থানালৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে নগাঁও সদৰ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ স্যাবস্ত কৰে। প্ৰতিবাদী দল-সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ জুমুঠি দাহ কৰাৰ লগতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ৰ বিৰুদ্ধেও প্ৰতিবাদ স্যবস্ত কৰে।
নগাঁৱৰ দল-সংগঠনৰ অভিযোগ যে এয়া এক ভুৱা এনকাউণ্টাৰ আৰু এই ঘটনাত জড়িত এণ্টি নাৰ্ক'টিক স্কোৱাডৰ সকলো জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। ইতিমধ্যে ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে আয়ুক্ত পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে আৰু অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|