মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Nagaon Encounter : নগাঁও এনকাউণ্টাৰৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে সাংসদ গৌৰৱ গগৈয়ে, অসমত পুনৰ গুপ্তহত্যা হোৱাৰ আশংকা প্ৰকাশ!

Nagaon Encounter : নগাঁও এনকাউণ্টাৰৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰিলে সাংসদ গৌৰৱ গগৈয়ে, অসমত পুনৰ গুপ্তহত্যা হোৱাৰ আশংকা প্ৰকাশ!

সাসংদ গৌৰৱ গগৈ

Gaurav Gogoi: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগন্তুক সময়ত গুপ্ত হত্যা আৰম্ভ কৰাৰ আংশকা সাসংদ গৌৰৱ গগৈৰ।

  • Share this:
আৰক্ষীৰ গুলীত গুৰুতৰ ভাবে আহত নগাঁৱৰ কচলুখোৱাৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ (Nagaon Encounter)ৰ সন্দৰ্ভত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi)য়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সোমবাৰে নগাঁৱৰ দলংঘাট চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে নগাঁৱৰ প্ৰাক্তন ছাত্র নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাক গৰিহণা দি সংবাদ মাধ্যমৰ আগত কয় যে নতুন চৰকাৰ অহাৰ পিছত মুখ্যমন্ত্ৰীয়ে এনে এটা পৰিবেশ সৃষ্টি কৰিছে যে আৰক্ষীয়ে তদন্ত নকৰাকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এনে এটা অপসংস্কৃতিৰ বাবে মুখ্যমন্ত্ৰীকে জগৰীয়া কৰে সাসংদ গগৈয়ে।

"মুখ্যমন্ত্ৰীয়ে নিজে এনে এটা পৰিবেশ সৃষ্টি কৰিছে। যাৰ ফলত আৰক্ষীয়ে যাকে তাকে গুলীয়াইছে। এইটো আৰক্ষীৰ নিয়ম নহয়। নিয়ম হৈছে তদন্ত কৰি আদালততহে কোন দোষী তাক নিৰ্ধাৰণ কৰা। কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ পিছত তদন্ত দি কিবা লাভ আছে জানোঁ" বুলি প্ৰশ্ন কৰে সাংসদ গগৈয়ে।

আনহাতে এনেদৰে এসময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰে আগন্তুক সময়ত গুপ্ত হত্যা (Secrete Killing) আৰম্ভ কৰিব বুলিও সাংসদ গগৈয়ে আশংকা ব্যক্ত কৰে । অগপৰ দিনত যিদৰে গুপ্ত হত্যা হৈছিল ঠিক তেনেদৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনতো গুপ্ত হত্যা হ'বলৈ গৈ আছে বুলিও সাংসদ গৰাকীয়ে আশংকা ব্যক্ত কৰে।

আনহাতে বটদ্ৰৱা সমষ্টিৰ  বিধায়িকা শিবামনি বৰাই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এই ঘটনাৰ বাবে দোষী বুলি মন্তব্য কৰে।

শেহতীয়া বাতৰি