உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Firing: নিশা নগাঁও বাইপাছত ১২জনীয়া ডকাইতৰ দলৰ গুলীচালনা ! গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক...

    Firing: নিশা নগাঁও বাইপাছত ১২জনীয়া ডকাইতৰ দলৰ গুলীচালনা ! গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক...

    Firing Incident: নগাঁৱত ১২জনীয়া ডকাইতৰ দলৰ আক্ৰমণত গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক। কাঢ়ি নিলে মোবাইল আৰু মানিবেগ।

    Firing Incident: নগাঁৱত ১২জনীয়া ডকাইতৰ দলৰ আক্ৰমণত গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক। কাঢ়ি নিলে মোবাইল আৰু মানিবেগ।

    Firing Incident: নগাঁৱত ১২জনীয়া ডকাইতৰ দলৰ আক্ৰমণত গুলীবিদ্ধ বৰপেটাৰ গাড়ীচালক। কাঢ়ি নিলে মোবাইল আৰু মানিবেগ।

    • Share this:
    নিশা নগাঁও বাইপাছত ডকাইতৰ সন্ত্ৰাস ৷ ১২ জনীয়া ডকাইতৰ দলৰ আক্ৰমণত গুলীবিদ্ধ হ’ল বৰপেটাৰ সুমন দাস নামৰ এজন গাড়ী চালক ।নগাঁও বাইপাছৰ ঝাৰনি গাঁও নামৰ ঠাইত ডকাইতৰ দলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা ৷

    জানিব পৰা মতে, গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলঙৰ অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ চাৰ্ভিছৰ AS 25EC 6515 নম্বৰৰ বাহনখন নিশা নগাঁও বাইপাছত এটা ১২ জনীয়া দলে আগভেটি ধৰে ৷ ডকাইতৰ দলটোৱে গাড়ী চালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানিবেগ আৰু ম’বাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুুকি প্ৰদান কৰে । কিন্তু লগত আৰু ধন নাই বুলি সুমনে মন্তব্য কৰাত গুলীচালনা কৰে ডকাইতৰ দলটোৱে ৷ ডকাইতৰ গুলীয়ে সুমনৰ ডিঙিত আঘাত কৰে৷ পিছত গুলীবিদ্ধ সুমনক নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ ইতিমধ্যে নগাঁও আৰক্ষীযে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে ৷ নগাঁও বাইপাছত নিশা ডকাইতৰ দলে সংঘটিত কৰা এই গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
    Published by:Kokil Sarma
    First published: