ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নগাঁও আৰক্ষীৰ। নগাঁও চহৰৰ সমীপৱৰ্তী সংখ্যালঘূ অধ্যূষিত অঞ্চল সমূহত এতিয়াও ব্যাপক হাৰত চলি আছে ড্ৰাগছৰ বেহা।

বুধবাৰে নিশা হয়বৰগাঁও টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হৈছে লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ। হয়বৰগাঁও আৰক্ষীয়ে ইটাপাৰাত অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে ব্ৰাউন ছুগাৰ। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম মেৰাজুল হক আৰু ছাদিকুল ইছলাম। জানিব পৰামতে, মেৰাজুল আৰু ছাদিকুলে অঞ্চলটোত গোপনে ড্ৰাগছৰ বেহা চলাই আছিল। ডিমাপুৰৰ পৰা নগাঁৱৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ সৰবৰাহত দুয়োগৰাকী জড়িত বুলি জানিব পৰা গৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|