• Home
  • »
  • News
  • »
  • crime
  • »
  • নগাঁও চহৰত ব্লেডমেনৰ সন্ত্ৰাস ! নিশা হ'লেই আন্ধাৰৰ সুযোগ লৈ ব্লেডেৰে আক্ৰমণ কৰে পথচাৰীক...

নগাঁও চহৰত ব্লেডমেনৰ সন্ত্ৰাস ! নিশা হ'লেই আন্ধাৰৰ সুযোগ লৈ ব্লেডেৰে আক্ৰমণ কৰে পথচাৰীক...

নগাঁৱত এইবাৰ ব্লেডমেন ৰূপী দুৰ্বৃত্তৰ আতংক ৷ মটৰ চাইকেলত অহা ব্লেড মেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা ৷ নগাঁও চহৰত আন্ধাৰৰ সুযোগ লৈ ৰাজপথত মহিলাৰ ওপৰত ব্লেডমেনে চলোৱা আক্ৰমণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

  • Share this:

হয়বৰগাঁৱৰ এগৰাকী মহিলা ৰাজপথৰে খোজ কাঢ়ি গৈ থাকোতে বাইকত অহা দুই দুৰ্বৃত্তই মহিলা গৰাকীৰ ডিঙি আৰু হাতত ব্লেডেৰে উপৰ্যুপৰি আঘাত কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় পথচাৰী মহিলাগৰাকী ৷ পিছত দুই দুৰ্বৃত্তই মহিলাগৰাকীয়ে ডিঙিত পিন্ধি থকা সোণৰ চেইন আৰু হাতৰ খাৰু লৈ সেইস্থানৰ পৰা উধাও হয় ৷ নগাঁও ৰাজপথত সন্ধিয়াৰ পিছত তহলদাৰী আৰক্ষী নথকাৰ ফলতে এনেদৰে ব্লেড মেন ৰূপী দুৰ্বৃত্তই ত্ৰাসৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সংক্ৰান্তত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। নগাঁও আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও ব্লেডমেন ৰূপী দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ এতিয়ালৈ লাভ কৰা নাই ।
Published by:Kokil Sarma
First published: