নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়খনৰ ৰোগীৰ পৰীক্ষাৰ বাবে থকা আলট্ৰাচাউণ্ড মেচিন ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈছে।

আজি পুৱা আলট্ৰাচাউণ্ডৰ দায়িত্বত থকা কৰ্মচাৰীয়ে আলট্ৰাচাউণ্ড কোঠাৰ তলা খোলাৰ পিছতে এই কথা জানিব পাৰে। তলাবন্ধ কোঠাটোৰ পৰা চোৰে কেনেকৈ আলট্ৰাচাউণ্ড মেচিন চুৰি কৰিলে তাক লৈয়ো চাঞ্চল্যৰ সৃষ্টি হয়। আনহাতে এই আলট্ৰাচাউণ্ড কৰিবলৈ অহা ৰোগীৰ মাজতো এই ঘটনাক লৈ হাহাকাৰ লাগে। ইয়াৰ পিছতে চিকিৎসালয়খনত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত চলাইছে। কিন্তু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা চিকিৎসালয়খনৰ তলাবন্ধ কোঠাটোৰ পৰা চোৰে কেনেকৈ আলট্ৰাচাউণ্ড মেচিন চোৰ কৰিব পাৰিলে তাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই এই ঘটনাৰ সৈতে চিকিৎসালয়খনৰ কোনো কৰ্মচাৰী জড়িত থকা বুলি সন্দেহ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|