নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (ADP College)ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী (Dr. Surajit Bhagavati) ক আটক কৰিছে নগাঁও আৰক্ষীয়ে। ইতিমধ্যে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকয়ে নিলম্বন কৰিছে অধ্যক্ষগৰাকীক।
উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন (Molestation Case)ৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ তৰিছিল। ইয়াৰ পিছতে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙ (Blackmailing)ৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। কিন্তু ১০ এপ্ৰিলত পুনৰ আন এগৰাকী অধ্যাপিকাই ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। দুগৰাকী অধ্যাপিকাৰ এই অভিযোগৰ পিছতে ১২ এপ্ৰিলত অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ড° সুৰজিৎ কুমাৰ ভাগৱতীক সমগ্ৰ ঘটনাক্ৰমৰ বাবে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে। কিন্তু ভাগৱতীয়ে কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব নোৱাৰাৰ বাবে আজি অধ্যক্ষগৰাকীক নিলম্বন কৰে। সম্প্ৰতি যৌন নিৰ্যাতনৰ গোচৰত আৰক্ষীয়ে আটক কৰিছে অধ্যক্ষ গৰাকীক।
জানিব পৰা মতে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীয়ে গুৱাহাটী (Guwahati)ৰ আমবাৰীৰ পৰা আটক কৰিছে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক। উল্লেখযোগ্য যে অধ্যাপিকাৰ যৌন নিৰ্যাতনৰ গোচৰ আৰু অধ্যক্ষৰ ব্লেকমেইলিঙৰ গোচৰক কেন্দ্ৰ কৰি বিগত ৪ দিনে নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|