মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »বহিঃৰাজ্যৰ সুন্দৰী যুৱতীয়ে চলাইছে জালনোটৰ বেহা, নগাঁৱত বৃহৎ পৰিমাণৰ জালনোটসহ জালত সুন্দৰী যুৱতী।

বহিঃৰাজ্যৰ সুন্দৰী যুৱতীয়ে চলাইছে জালনোটৰ বেহা, নগাঁৱত বৃহৎ পৰিমাণৰ জালনোটসহ জালত সুন্দৰী যুৱতী।

নগাঁও আৰক্ষীৰ অভিযানত উৎখাত জালনোটৰ ঘাটি, জব্দ প্ৰায় ৩ লাখ টকাৰ জালনোট।

নগাঁও আৰক্ষীৰ অভিযানত উৎখাত জালনোটৰ ঘাটি, জব্দ প্ৰায় ৩ লাখ টকাৰ জালনোট।

নগাঁও আৰক্ষীৰ অভিযানত উৎখাত জালনোটৰ ঘাটি, জব্দ প্ৰায় ৩ লাখ টকাৰ জালনোট।

  • Share this:
বহিঃৰাজ্যৰ সুন্দৰী যুৱতীয়ে অসমত চলাইছে জালনোটৰ বেহা। নগাঁও আৰক্ষীৰ অভিযানত  নাগালেণ্ডৰ এগৰাকী যুৱতীসহ জালত পৰিছে দুই যুৱক।

জানিব পৰা মতে নগাঁও চহৰৰ মৰিকলঙৰ ছাকিব আহমেদ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত একাংশ সন্দেহযুক্ত লোকে আশ্ৰয় লৈ থকাৰ খবৰ পাই নগাঁও সদৰ আৰক্ষী থানা আৰু মৰিকলং আৰক্ষী চকীৰ এটা দলে অভিযান চলায়। আৰক্ষীৰ দলটোৱে ছাকিব আহমেদৰ ঘৰত ভাড়া লৈ থকা দিলদাৰ হুছেইন, আলম চৌধুৰী আৰু লিখুমলা নামৰ এগৰাকী যুৱতীৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ জালনোট।

লিখুমলা নামৰ যুৱতী গৰাকীৰ ঘৰ নাগালেণ্ডৰ টুৱেনচাং চহৰত। তেওঁ নগাঁৱৰ পৰা জালনোট খিনি ইটানগৰলৈ সৰবৰাহৰ বাবে আহিছিল। আনহাতে, দিলদাৰ আৰু আলমৰ ঘৰ নগাঁৱৰে ছিলঙনীত। আৰক্ষীয়ে তেঁওলোকৰ জিম্মাৰ পৰা প্ৰায় ৩ লাখ টকাৰ জালনোট উদ্ধাৰ কৰাৰ লগতে জালনোট বনোৱাত ব্যৱহৃত বহু সামগ্ৰী উদ্ধাৰ কৰিছে। অৱশ্যে আৰক্ষীয়ে জালনোট বনোৱা মেচিনটো উদ্ধাৰ কৰিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, বৰ্তমান জালনোট সৰবৰাহৰ সুবিধাৰ বাবে দুষ্টচক্ৰই সুন্দৰী যুৱতীক ব্যৱহাৰ কৰিছে। লিখুমলা নামৰ নাগালেণ্ডৰ যুৱতী গৰাকীয়েও নগাঁৱৰ পৰা ইটানগৰলৈ জালনোট সৰবৰাহৰ বাবে আহিছিল। আৰক্ষীৰ মতে, ইটানগৰত এই জালনোট প্ৰৱঞ্চনাৰে আচল নোটৰ লগত সলনি কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।

শেহতীয়া বাতৰি