• Home
  • »
  • News
  • »
  • crime
  • »
  • NLFB Arrested: আৰক্ষীৰ জালত এনএলএফবিৰ সদস্য, ভুৱা বেংক একাউন্টযোগে সংগ্ৰহ ২২ লাখ

NLFB Arrested: আৰক্ষীৰ জালত এনএলএফবিৰ সদস্য, ভুৱা বেংক একাউন্টযোগে সংগ্ৰহ ২২ লাখ

ধৃত বিৰল নাৰ্জাৰীয়ে সন্দেহজনক নথিপত্ৰৰে জেকব বৰগয়াৰীৰ নাম লৈ গুৱাহাটীৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াত এটা বেংক একাউন্ট খুলিছিল।

  • Share this:
ৰাজ্যত নতুনকৈ আত্মপ্ৰকাশ ঘটা বড়ো উগ্ৰপন্থী সংগঠন এনএলএফবিৰ নামত অভিনৱ পন্থাৰে ধন সংগ্ৰহ কৰা এজন যুৱক বাক্সা আৰক্ষীৰ জালত পৰিছে ৷ বাক্সা জিলাৰ এগৰাকী চৰকাৰী বিষয়াই কিছুদিন পূৰ্বে উগ্ৰপন্থী সংগঠনটোৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে ফোন যোগে ধনদাবী কৰা বুলি মুছলপুৰ সদৰ আৰক্ষী থানাত এক গোচৰ (নম্বৰ ৪০/২০২১) ৰুজু কৰিছিল ৷ উক্ত পঞ্জীভুক্ত নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অৱশেষত ওদালগুৰি জিলাৰ গৰমাগাঁওৰ বিৰল নাৰ্জাৰী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত বিৰল নাৰ্জাৰীয়ে সন্দেহজনক নথিপত্ৰ দাখিলেৰে জেকব বৰগয়াৰীৰ নামত গুৱাহাটীৰ বশিষ্ঠত ইউনিয়ন বেংক অৱ ইণ্ডিয়াত এটা বেংক একাউন্ট খুলি লৈ দীৰ্ঘদিন ধৰি কেইবাটাও ম'বাইল নম্বৰ ব্যৱহাৰ কৰি বিশেষকৈ কোকৰাঝাৰ আৰু বাক্সা জিলাৰ বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীক উগ্ৰপন্থী সংগঠনটোৰ নামত ধন দাবী কৰি উক্ত বেংক একাউন্টত জমা কৰিবলৈ কৈ আহিছিল ৷

ইতিমধ্যে বেংক একাউন্টটোত মুঠ ২২,৮৮,৩৩৫ টকা জমা হৈছিল আৰু  মহানগৰীৰ বশিষ্ঠত থকা বেংকটোৰ শাখাৰ পৰা টকা উলিয়াবলৈ আহোঁতেই আৰক্ষীৰ জালত পৰে যুৱকজন ৷
Published by:Gautam Barman
First published: