Murder Case: মেছেৰ আলীয়ে শহুৰৰ ঘৰৰ খোৱা পানীৰ ফিল্টাৰত বিহ মিহলোৱাৰ কথা বৰপেটাৰোড আৰক্ষীৰ আগত স্বীকাৰ কৰে।
Murder Case: মেছেৰ আলীয়ে শহুৰৰ ঘৰৰ খোৱা পানীৰ ফিল্টাৰত বিহ মিহলোৱাৰ কথা বৰপেটাৰোড আৰক্ষীৰ আগত স্বীকাৰ কৰে।
যোৱা ৫ ফেব্ৰুৱাৰীত বৰপেটাৰোডৰ ছাফাকামাৰত এসপ্তাহৰ ভিতৰত এটা পৰিয়ালৰ তিনিগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজনমান গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰিছিল ৷ কোনেও উৱাদিহ পোৱা নাছিল যে কিয় মৃত্যু হৈছিল লোক কেইজনৰ। কিন্তু অৱশেষত উৰহীৰ ওৰ ওলাল। দানৱৰূপী নিষ্ঠুৰ জোৱাই মেছেৰ আলীয়ে খোৱা পানীত বিহ মিহলাই হত্যা কৰিছিল আটাইকেইজনক।
মেছেৰ আলীয়ে শহুৰৰ ঘৰৰ খোৱা পানীৰ ফিল্টাৰত বিহ মিহলোৱাৰ কথা বৰপেটাৰোড আৰক্ষীৰ আগত স্বীকাৰ কৰে। খোৱাপানীৰ ফিল্টাৰত বিহ মিহলোৱাত সেই পানী সেৱন কৰি নিজ পত্নীৰ লগতে শাহুৱেক আৰু শাহুৱেকৰ ভতিজাকৰ মৃত্যু হৈছিল ৷ শহুৰেকৰ পৰিয়ালৰ সৈতে এবছৰমানৰ পৰা কাজিয়া চলি থকাৰ বাবেই খোৱাপানীত বিহ মিহলোৱা বুলিও স্বীকাৰ কৰে দানৱ ৰূপী জোৱাই মেছেৰ আলীয়ে ৷
হত্যাকাৰী মেছেৰ আলী পেছাত এজন ফেৰীৱালা ৷ এসপ্তাহতে পৰিয়ালটোৰ তিনিজনৰ মৃত্যু আৰু চাৰিজন অসুস্থ হোৱাৰ বাবে স্থানীয় ৰাইজে এই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত বিচাৰি বৰপেটাৰোড আৰক্ষীৰ কাষ চাপিছিল ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল যদিও মেছেৰ আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল ৷ অৱশেষত মেছেৰ আলীয়ে বৰপেটা আদালতত আত্মসমৰ্পণ কৰে ৷ জেৰাত মেছেৰ আলীয়ে সকলো স্বীকাৰ কৰে। অৱশ্যে আৰক্ষীয়ে এই চাঞ্চল্যকৰ ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে তাৰ তদন্ত আৰম্ভ কৰিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|