
মালভোগ গাঁৱৰ দেৱান মুৰ্মুক হত্যা কৰাৰ লগতে তেওঁৰ পুত্ৰ–কন্যাও আহত হয়।
মালভোগ গাঁৱৰ দেৱান মুৰ্মুক হত্যা কৰাৰ লগতে তেওঁৰ পুত্ৰ–কন্যাও আহত হয়।
ৰাজ্যত পুনৰ ডাইনীজনিত অন্ধবিশ্বাসৰ বাবে হত্যাকাণ্ড। গোসাঁইগাঁৱৰ কচুগাঁৱৰ মালভোগ গাঁৱত নিশা ডাইনী সন্দেহত এজন লোকক হত্যা কৰে। তেওঁ মালভোগ গাঁৱৰ দেৱান মুৰ্মু বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাত গুৰুতৰভাৱে আহত হয় দেৱান মুৰ্মুৰ পুত্ৰ-কন্যা সুনীল মুৰ্মু আৰু কন্যা লক্ষ্মী মুৰ্মু।
আহত দুয়োৰে অৱস্থা বৰ্তমান সংকটজনক। হাস্পতালত চিকিত্সাধীন হৈ দুয়োগৰাকী ভাতৃ–ভগ্নী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জনক গ্ৰেপ্তাৰ কৰে। তেওঁলোক ক্ৰমে মংগল মুৰ্মু, কিষান হাছদা আৰু সন্দেব টুডু।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|