মৃতদেহটো ২৬মে' অথাৎ মঙলবাৰে দিনটো কোঠাৰ ভিতৰতে ৰখোৱাৰ পিছত সন্ধিয়াৰ ভাগত দুই খুলখালী আৰু দুজন যুৱকৰ সহযোগত দুখন স্কুটিৰে ট্ৰাংকত ভৰাই বহ্মপুএত পেলাই দিবৰ বাবে লৈ গৈছিল৷
মৃতদেহটো ২৬মে' অথাৎ মঙলবাৰে দিনটো কোঠাৰ ভিতৰতে ৰখোৱাৰ পিছত সন্ধিয়াৰ ভাগত দুই খুলখালী আৰু দুজন যুৱকৰ সহযোগত দুখন স্কুটিৰে ট্ৰাংকত ভৰাই বহ্মপুএত পেলাই দিবৰ বাবে লৈ গৈছিল৷
অত্যাধিক সুৰাপান কৰি প্ৰায়ে ৰে'ল বিভাগত কৰ্মৰত সন্তোষ প্ৰসাদে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল পত্নী তথা দুই সন্তানৰ মাতৃক ৷বায়েকক কৰা এই অত্যাচাৰ সহ্য হোৱা নাছিল দুই ভাতৃ মোহন আৰু সুৰুজ গিৰিৰ ৷একেদৰে সদায় স্বামীৰ অত্যাচাৰ সহি সহি ভাগৰি পৰিছিল৷ সেয়ে দুই ভাতৃ আৰু দুুই যুৱকৰ সহযোগত স্বামী সন্তোষ প্ৰসাদক হত্যাৰ পৰিকল্পনা ৰচিলে পত্নীয়ে ৷
পূৰ্ব পৰিকল্পনা মতেই ২৫ মে'ৰ পুৱতি নিশা নিজ কোৱাৰ্টাৰতে ১বাজি ৩০মিনিটত ডিঙি কাটি বৰ্বৰ ভাৱে হত্যা কৰা হ'ল সন্তোষ প্ৰসাদক ৷মৃত্যুৰ যন্ত্ৰণাত দীৰ্ঘসময় কোঠাৰ ভিতৰতে চটফটাই থাকি প্ৰায় ১ঘন্টাৰ পিছত মৃত্যুক সাৱটিলে সন্তোষ প্ৰসাদে ৷মৃতদেহটো ২৬মে' অথাৎ মঙলবাৰে দিনটো কোঠাৰ ভিতৰতে ৰখোৱাৰ পিছত সন্ধিয়াৰ ভাগত দুই খুলখালী আৰু দুজন যুৱকৰ সহযোগত দুখন স্কুটিৰে মৃতদেহটো ট্ৰাংকত ভৰাই বহ্মপুএত পেলাই দিবৰ বাবে লৈ গৈছিল ৷কিন্তু সৌভাগ্যক্ৰমে মৃতদেহটো পেলাব লওঁতেই টহলদাৰী আৰক্ষীৰ চকুত পৰাত মৃতদেহ কঢ়িয়াই নিয়া স্কুটি আৰু ট্ৰাংকসহ জালত পৰে মোহন গিৰি ৷মোহন গিৰিৰ ভাষ্যৰ ভিত্তিতে নিশাৰ ভিতৰতে আৰক্ষীয়ে পত্নী গীতা গিৰি প্ৰসাদ আৰু আনজন খুলখালী সুৰোজ গিৰিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষ্যম হয় যদিও ঘটনাৰে জড়িত আন দুই যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম নহয় ৷ঘটনাক গাপ দিয়াৰ বাবে মংগলবাৰে দিনত হ্ত্যকাণ্ড সংঘটিত কৰা কোঠাতো ৰঙো কৰিছিল অভিযুক্ত কেইগৰাকীয়ে ৷মৃতদেহটো ট্ৰাংকত ভৰাই বহ্মপুএত পেলাই দিয়াৰ লগতে থানাত স্বামী নিৰুদ্দেশ হোৱাৰ এক লিখিত অভিযোগ দাখিল কৰাৰো পৰিকল্পনা কৰিছিল ৷সকলো পৰিকল্পনা মতে হৈ গৈছিল যদিও আৰক্ষীৰ চতুৰতাৰ বাবেই ঘটনাক অন্য ৰূপ দিয়াৰ পৰা বিফল হ'ল হত্যাকাৰী ৷ইতিমধ্য ফৰেনছিকৰ দল আনি ঘটনাৰ অন্য কিবা ক্লু পাই নেকি সেই দিশটো চাই থকাৰ লগতে হত়্যাকাণ্ডৰে জড়িত আন দুই সহযোগীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|