
মানসিক অশান্তিত ভুগি অৱশেষত পিতৃক নিজেই হত্যা কৰা বুলি আজি বিশ্বজিতে সোণাৰি আৰক্ষীক অৱগত কৰে।
মানসিক অশান্তিত ভুগি অৱশেষত পিতৃক নিজেই হত্যা কৰা বুলি আজি বিশ্বজিতে সোণাৰি আৰক্ষীক অৱগত কৰে।
মানৱতাক কলুষিত কৰা এক জঘন্য ঘটনাটো সংঘটিত হৈছে সোণাৰি নগৰৰ কাষৰীয়া টীয়ক আৰু বৰাহী চাহ বাগিচাৰ সংলগ্ন দুৰ্গম মহখুঁটিপথাৰ গাঁৱত। গাঁওখনৰ বাসিন্দা বিশ্বজিত বণিয়াই প্ৰথমে ৰদেৰে মৰিয়াই তাৰ পাছত দাৰে কাটি হত্যা কৰিছিল নিজ পিতৃ সনাতন ওৰফে অজয় বণিয়াক (Son Killed Father)।
এই লোমহৰ্ষক হত্যাকাণ্ড যোৱা ২০ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হৈছিল। কিন্তু বিগত ১৩ দিন ধৰি পিতৃ নিৰুদ্দেশ হৈ থকাৰ বুলি হত্যাকাৰী বিশ্বজিতে সোণাৰি সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এক ভুৱা অভিযোগ। হত্যাকাৰী পুত্ৰৰ লক্ষ্য আছিল আৰক্ষী তথা গাঁওবাসীক বিভ্ৰান্ত কৰা।
সকলো ঠিকেই আছিল। কিন্তু মানসিক অশান্তিত ভুগি অৱশেষত পিতৃক নিজেই হত্যা কৰা বুলি আজি বিশ্বজিতে সোণাৰি আৰক্ষীক অৱগত কৰে। এই ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল কুমাৰ ৰংহাঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন অনুসন্ধান কৰাৰ পিছত হত্যাকাৰী বিশ্বজিত বণিয়াক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দাখনৰ লগতে ৰদডাল উদ্ধাৰ কৰিছে। মৃতদেহটো উদ্ধাৰৰ বাবে আৰক্ষীয়ে (Sonari Police) ব্যৱস্থা গ্ৰহণ কৰি গাঁত খান্দি মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|