এটা লোমহর্ষক হত্যাকাণ্ডই জোকাৰি গ'ল গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া বগীজান থানাৰ অন্তৰ্গত অভয়জান। কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে হত্যা কৰি নিজ বাসগৃহৰ চৌহদত এৰি গ'ল মৃতদেহ।
আজি বিয়লি স্থানীয় একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ। অকলশৰীয়াকৈ বাস কৰা ব্যক্তিজনক নিশা ডিঙি ৰেপি হত্যা কৰি এৰি গ'ল দুষ্কৃতিকাৰীয়ে।
মৃত ব্যক্তিজনৰ নাম হৰেন। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে কি কাৰণত বৃদ্ধ লোকজনক অতি নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিলে, সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই।
স্থানীয় একাংশৰ সন্দেহ আজি কিছুদিন পূৰ্বে লোকজনে নিজৰ মাটি বিক্ৰী কৰি লগত ৰাখিছিল কিছু টকা। সেই টকাৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। পিছে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।