• Home
  • »
  • News
  • »
  • crime
  • »
  • Dergaon Murder Case : দেৰগাঁৱৰ বালিডোৱাত লোমহৰ্ষক হত্যাকাণ্ড, হত্যা কৰি গছত ওলোমাই থ'লে ১৯ বছৰীয়া যুৱকৰ মৃতদেহ

Dergaon Murder Case : দেৰগাঁৱৰ বালিডোৱাত লোমহৰ্ষক হত্যাকাণ্ড, হত্যা কৰি গছত ওলোমাই থ'লে ১৯ বছৰীয়া যুৱকৰ মৃতদেহ

 প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহাৰ হোৱা লাঠি,মদৰ বটলকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী।

প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহাৰ হোৱা লাঠি,মদৰ বটলকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী।

প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহাৰ হোৱা লাঠি,মদৰ বটলকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী।

  • Share this:
দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিদোৱা গাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, যোৱানিশা হোৱা কাজিয়াৰ পিছত প্ৰচণ্ড মাৰ-ধৰ কৰে ৬ জনকৈ লোকে এজন যুৱকক (Dergaon Murder Case)।

আক্ৰমণৰ বলি হোৱা বেদান্ত বৰা নামৰ  ১৯ বছৰীয়া যুৱকজনক পুৱা গছত ওলোমাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ। কাজিয়া লাগি বেদান্ত বৰা নামৰ যুৱকজনক মাৰ-ধৰ কৰাৰ লগতে তেওঁক বচাবলৈ অহা পিতৃ আৰু ভাতৃকো মাৰিবলৈ উদ্যত হয় লোককেইজনে।

মদৰ বাবেই সংঘটিত হয় সমগ্ৰ ঘটনা। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। প্ৰাৰম্ভিক তদন্তত উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহাৰ হোৱা লাঠি,মদৰ বটলকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী। সমগ্ৰ ঘটনাৰ পিছত অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি