চি আই ডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
চি আই ডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
অপৰাধ নগৰীত পৰিণত হোৱা মহানগৰীত আজি পুনৰ সংঘটিত হয় হত্যাকাণ্ড। ঘৰত অকলে থকা অৱস্থাত পিষ্টলেৰে মূৰত গুলীয়াই আঁতৰি যায় হত্যাকাৰী। মহানগৰীৰ তেতেলীয়াত সংঘটিত এই চাঞ্চল্যকৰ হত্যাৰ (Murder in Guwahati) বলি হয় অজিত চেতিয়া নামৰ এগৰাকী লোক।
জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াত দুৰ্বৃত্তই হত্যা কৰা লোকজনৰ বয়স প্ৰায় ৬০ বছৰ আৰু তেওঁ এমট্ৰনৰ কৰ্মচাৰী আছিল। এই হত্যাকাণ্ড ডকাইতিজনিত নে আন সেয়া এতিয়ালৈ জানিব পৰা নাই যদিও লোকজনৰ ঘৰৰ পৰা বহুতো মূল্যৱান সামগ্ৰী লৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
চি আই ডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|