• Home
  • »
  • News
  • »
  • crime
  • »
  • Mumbai Police: নগাঁৱৰ কঠিয়াতলীত মুম্বাই আৰক্ষী, উদ্ধাৰ কৰিলে মুম্বাইৰ এগৰাকী কিশোৰীক

Mumbai Police: নগাঁৱৰ কঠিয়াতলীত মুম্বাই আৰক্ষী, উদ্ধাৰ কৰিলে মুম্বাইৰ এগৰাকী কিশোৰীক

Mumbai Police: কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে কঠিয়াতলী শগুণবাহীৰ পৰা উদ্ধাৰ কৰে এগৰাকী কিশোৰীক।

  • Share this:
নগাঁৱৰ কঠিয়াতলীৰ শগুণবাহীৰ পৰা দেওবাৰে মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী কিশোৰীক। কঠিয়াতলী আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ১৭ বছৰীয়া কিশোৰী গৰাকীৰ নাম সঞ্জনা ৰাজু চৌধুৰী । কিশোৰী গৰাকীৰ ঘৰ মুম্বাইৰ ভূছাৱালত বুলি জানিব পৰা গৈছে।

কঠিয়াতলীৰ শগুণবাহীৰ আব্দুল ৰাজেকৰ ঘৰৰ পৰা মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক। মুম্বাই আৰক্ষীয়ে আব্দুল ৰাজেকক আটক কৰে।  মুম্বাই আৰক্ষীৰ অভিযোগ আব্দুলে অপহৰণ কৰি আনিছে সঞ্জনাক।

সঞ্জনাৰ পৰিয়ালৰ লোকে সন্ধানহীন বুলি তৰা গোচৰৰ ভিত্তিত অনুসন্ধান কৰি কঠিয়াতলীত উপস্থিত হয় মুম্বাই আৰক্ষী। কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে মুম্বাই আৰক্ষীয়ে আব্দুল ৰাজেকক আটক কৰি লৈ যায় ।
Published by:Manjumoni Borah
First published: