• Home
  • »
  • News
  • »
  • crime
  • »
  • নাহৰকটীয়াৰ চাচনীত তিনিগৰাকী কিশোৰী–মহিলাক ‘নৰবলি’ দিবলৈ লোৱা মাতৃ–পুত্ৰক ৰাইজে গতালে আৰক্ষীক, ঘৰত উদ্ধাৰ ১.৭ কিলোগ্ৰাম গাঞ্জা

নাহৰকটীয়াৰ চাচনীত তিনিগৰাকী কিশোৰী–মহিলাক ‘নৰবলি’ দিবলৈ লোৱা মাতৃ–পুত্ৰক ৰাইজে গতালে আৰক্ষীক, ঘৰত উদ্ধাৰ ১.৭ কিলোগ্ৰাম গাঞ্জা

অন্ধবিশ্বাসৰ নামত নাহৰকটীয়াৰ চাচনীত সংঘটিত হল এক জঘন্য ঘটনা। পূজা পাতলৰ নামত এটা পৰিয়ালে তিনিগৰাকীকৈ কিশোৰীসহ মহিলাক নৰ বলি দিবলৈ চেষ্টা চলোৱা কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চাচনী অঞ্চলত।

  • Share this:
এক সাংঘাতিক কাণ্ড সংঘটিত হৈছে নাহৰকটীয়াৰ চাচনীৰ ২নং টিংৰাই গাঁৱত। অন্ধবিশ্বাসৰ বলি হৈ গাঁৱৰ দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ টুটুমণি হাজৰিকাই ঘৰৰ ওচৰৰে তিনিগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা যুৱতী কেইগৰাকীক নৰবলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল  চলাই থকাৰ অভিযোগ কৰিছে গাওঁবাসীয়ে।

জানিব পৰা মতে, পুৱাৰে পৰা যুৱতী আৰু কিশোৰী গৰাকী কেইগৰাকী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত ধৃত পৰিয়ালটোৰ বাসগৃহৰ পৰা এগৰাকী যুৱতীক হাত ভৰি বান্ধি থোৱাৰ লগতে আন কেইগৰাকী যুৱতীক অচেতন অৱস্থাত উদ্ধাৰ কৰে চাচনী আৰক্ষীয়ে।

গাওঁবাসীয়ে জানিবলৈ দিয়া মতে মাতৃ পুত্ৰসহ এই পৰিয়ালটোৱে কিছুদিনৰ ধৰি ঘৰতে পূজা পাতল কৰি থকাৰ লগতে ‘ক’লা যাদু’ৰ অনুশীলন কৰি চূড়ান্ত ভণ্ডামি কৰি আছিল। এই কাৰবাৰবোৰৰ বাবে গাওঁবাসীৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। আনকি আৰক্ষীৰ জালত পৰা টুটুমণি হাজৰিকাই নিজ পুত্ৰৰ দেহত ঐশ্বৰিক শক্তি প্ৰৱেশ কৰাৰ দাবীৰে গাওঁবাসীক পুত্ৰই কৈ যোৱা মতে কাম সমূহ কৰি যাবলৈ নিদেৰ্শ দিছিল।

মঙলবাৰে নিজ ঘৰতে পূজা পাতল কৰি তিনিগৰাকী কৈ মহিলাসহ কিশোৰীক নৰ বলি দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে পৰিয়ালটোক গতাই দিয়ে আৰক্ষীক। ইফালে আৰক্ষীয়ে দেৱকান্ত হাজৰিকাৰ বাসগৃহত অভিযান চলাই প্ৰায় ১.৭কেজি গাঞ্জা জব্দ কৰে।

অৱশ্যে ৰাইজৰ দাবীৰ বিপৰীতে ‘নৰবলি’ দিয়াৰ অভিযোগক প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে অস্বীকাৰ কৰিছে যদিও অধিক তদন্তৰ পিছতহে সকলো স্পষ্ট হ’ব বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২৯০/৩৫৪/৩০৭/২৯৫ (A)RW Sec8 Pacso ধাৰাত ১৭১/২১ নম্বৰ আৰু  NDPS Actৰ ১৭২/২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ধৃত মাতৃ পুত্ৰক জেললৈ প্ৰেৰণ কৰে।
First published: