গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চলকৰ হত্যাকাণ্ড। মালিগাঁৱৰ পাণ্ডু ৰেষ্ট কেম্প অঞ্চলত নিজ পুত্ৰৰ হাততে প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ। জানিব পৰা মতে, মঙলবাৰে নিশা সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডটো। পূজা কৰি থকা অৱস্থাত এডাল ৰডেৰে পাষাণ পুত্ৰই নিজ মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰে।
মৃত মহিলাগৰাকীৰ নাম পূৰৱী দে' মণ্ডল। পাণ্ডু ৰেষ্ট কেম্পৰ নিৱাসী ৫৫ বছৰীয়া মহিলাগৰাকীক ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰে পুত্ৰ দীপাংকৰ দে' মণ্ডলে। উল্লেখ্য যে, এই হত্যাকাণ্ডটো সংঘটিত কৰি দীপাংকৰে জালুকবাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। মাতৃহন্তা দীপাংকৰৰ আত্মসমৰ্পণৰ পাছতেই নিশাই জালুকবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ দলটোৱে বাসগূহৰ এটা কোঠাৰ পৰা মাতৃ পূৰবী দে' মণ্ডলৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে নৃশংস হত্যাকাণ্ডটোত ব্যৱহৃত ৰ'ডডাল জব্দ কৰে।
মন কৰিবলগীয়া কথা যে, পাৰিবাৰিক কন্দলৰ বাবে নিজ মাতৃক এনেদৰে মৰিয়াই মৰিয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে যদিও এইপৰ্যন্ত জালুকবাৰী আৰক্ষীৰ সন্মুখত মুখ খোলা নাই দীপাংকৰ মণ্ডলে। আনহাতে, জালুকবাৰী আৰক্ষীয়ে ইতিমধ্যে মৃত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে হত্যাকাৰী দীপাংকৰক সোধা–পোছা অব্যাহত ৰাখিছে।