• Home
  • »
  • News
  • »
  • crime
  • »
  • মহিলাই Googleত চাৰ্চ কৰিলে-'কন্যাক কিদৰে হত্যা কৰিব পাৰি?', পিছত অতি নিৰ্মম ভাবে হত্যা কৰিলে নিজৰ ৩ মহীয়া কন্যাক

মহিলাই Googleত চাৰ্চ কৰিলে-'কন্যাক কিদৰে হত্যা কৰিব পাৰি?', পিছত অতি নিৰ্মম ভাবে হত্যা কৰিলে নিজৰ ৩ মহীয়া কন্যাক

Ujjain crime news : উজ্জেইনৰ খাচৰোডত থকা ভেটৱৰা পৰিয়ালত এই ঘটনা সংঘটিত হয়।

Ujjain crime news : উজ্জেইনৰ খাচৰোডত থকা ভেটৱৰা পৰিয়ালত এই ঘটনা সংঘটিত হয়।

Ujjain crime news : উজ্জেইনৰ খাচৰোডত থকা ভেটৱৰা পৰিয়ালত এই ঘটনা সংঘটিত হয়।

  • Share this:
মধ্যপ্ৰদেশৰ উজ্জেইনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাতৃয়ে পানীত ডুবাই হত্যা কৰিলে নিজৰ তিনিমহীয়া কন্যা সন্তানক। হত্যা কৰাৰ পূৰ্বে কিদৰে কন্যা সন্তান হত্যা কৰিব পাৰি বুলি চাৰ্চ কৰিছিল গুগুলত।  পিছত পৰিয়ালৰ লোকে পানী টেংকীত উদ্ধাৰ কৰে কন্যা সন্তানটিৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃগৰাকীক।

গুগুলত চাৰ্চ কৰিলে হত্যা কৰাৰ উপায়ঃ

১২ অক্টোবৰত হোৱা ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে কণমানিজনীৰ মাতৃক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আচৰিত কথাটো হ'ল যে, হত্যা কৰাৰ পূৰ্বে মাতৃয়ে, হত্যাৰ উপায় বিচাৰি চাৰ্চ কৰিছিল গুগুলত। মৃত সন্তানটিৰ পিতৃ অৰ্পিত, মহিলাগৰাকীৰ শাহু-শহুৰ অনীতা আৰু সুভাষে আৰক্ষীক নিজৰ সন্দেহৰ কথা জনাইছিল।

নিৰুদ্দেশ হৈ আছিল কন্যাঃ

১২ অক্টোবৰৰ দুপৰীয়াৰ পৰা তিনি মহীয়া সন্তানটি নিৰুদ্দেশ হৈ আছিল। পিছত অৰ্পিতে ওচৰৰ থানাত এজাহাৰ দাখিল কৰে। অৱশেষত সন্তানটিৰ মৃতদেহ ঘৰৰ কাষৰে এটা পানী টেংকীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে। ঘটনা অনুসৰি, অৰ্পিতৰ পত্নী তথা সন্তানটিৰ মাতৃ স্বাতী ভেটৱৰাই সন্তানটিক পানীৰ টেংকীত পেলাই দিছিল। শুকুৰবাৰে স্বাতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
Published by:Himangshu Bhuyan
First published: