স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জেহাদী কাৰ্যকলাপৰ এক উদ্বেগ জনক তথ্যই জোকাৰণিৰ সৃষ্টি কৰিছে সমগ্র ৰাজ্যতে । স্থান মৰিগাঁও জিলাৰ মৈৰাবাৰী ।
মৈৰাবাৰীৰ চহৰীয়া গাওঁ জমিউল হুদা আৰু সৰুচলা গাঁৱৰ সৰুচলা আলজামিয়া তুচ্ছালিহাত টাইটেল বানাত( ছোৱালী) মাদ্রাছা, এই দুখনকৈ মাদ্রাছাত আৰক্ষীয়ে জেহাদীৰ সম্পৰ্ক থকাৰ তথ্য লাভ কৰাৰ পিছতেই জমিউল হুদা মাদ্রাছাৰ প্ৰধান শিক্ষক মুফটি মুস্তাফা আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আনহাতে সৰুচলা বানাত মাদ্রাছাৰ ৮ জনকৈ মাদ্ৰাছা শিক্ষকক আটক কৰি বৰ্তমানেও সোধ পোছ অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰশাসনে মাদ্রাছা দুখন চীল কৰি দিয়ে । যি কোনো সময়ত মৰিগাঁও জিলা প্রশাসনে এই মাদ্রাছা দুখনত চলাব পাৰে উচ্ছেদ অভিযান । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাদ্ৰাছাৰ শিক্ষকজনৰ লগত বাংলাদেশৰ জেহাদী সংঘঠনৰ সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে ৷ মাদ্রাছাৰ শিক্ষকৰ সৈতে জেহাদীৰ লিংক থকা তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ মৈৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম ৰক্তাক্ত কৰা পৰিকল্পনা কৰিছে নেকি জেহাদীয়ে ? এই বিষয়ে অৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে এই দুখন মাদ্রাছাত অসমৰ বিভিন্ন জিলাৰ লগতে বহিঃৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে বুলি মাদ্রাছাত অধ্যয়নৰত ছাত্ৰীয়ে সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰে ।অৱশ্যে আৰক্ষীৰ এই অভিযোগ মানি ল'ব নোখোজে একাংশ লোকে ।
Published by: Kokil Sarma
FIRST PUBLISHED : July 28, 2022, 19:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।