• Home
  • »
  • News
  • »
  • crime
  • »
  • মৰাণত গুলীবিদ্ধ Most Wanted বাইকচোৰ, ডকাইত ভুটকো ! নিশাৰ আন্ধাৰত পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়ালে ভৰিত ...

মৰাণত গুলীবিদ্ধ Most Wanted বাইকচোৰ, ডকাইত ভুটকো ! নিশাৰ আন্ধাৰত পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়ালে ভৰিত ...

Police Encounter: মৰাণত গুলীবিদ্ধ মষ্ট ৱান্টেড বাইকচোৰ,  ডকাইত অৰুণ কুৰ্মী ওৰফে বিকাশ কুৰ্মী ওৰফে ভুটকো।

Police Encounter: মৰাণত গুলীবিদ্ধ মষ্ট ৱান্টেড বাইকচোৰ,  ডকাইত অৰুণ কুৰ্মী ওৰফে বিকাশ কুৰ্মী ওৰফে ভুটকো।

Police Encounter: মৰাণত গুলীবিদ্ধ মষ্ট ৱান্টেড বাইকচোৰ,  ডকাইত অৰুণ কুৰ্মী ওৰফে বিকাশ কুৰ্মী ওৰফে ভুটকো।

  • Share this:
এইবাৰ ডিব্ৰুগড় জিলাৰ মৰাণত সংঘটিত হ'ল আৰক্ষীৰ এনকাউন্টাৰ ৷ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰীত নিশাৰ আন্ধাৰত আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ ম'ষ্ট ৱান্টেড বাইকচোৰ, ডকাইত অৰুণ কুৰ্মী (২৮) ওৰফে বিকাশ কুৰ্মী ওৰফে ভুটকো ৷

দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল অৰুণ কুৰ্মীক ৷ বিশেষ সূত্ৰে মৰাণ কাছমাৰীৰ ঘৰলৈ অহাৰ বিষয়ে জানিব পাৰি আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায় ৷ আৰক্ষীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি চোৰটোৱে ঘৰৰ কাষতে থকা চাহ বাগিচাত আত্মগোপন কৰে ৷ আৰক্ষীয়ে আত্মসমৰ্পনৰ আহ্বান জনাই যদিও আৰক্ষীৰ নিৰ্দেশ নামানি পলাবলৈ লোৱাৰ লগতে গুলিয়াবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী কৰে ৷ আহত অৰুণ কুৰ্মীৰ ভৰিত দুটাকৈ গুলী লাগে ৷ ইয়াৰ পাছতে কৰায়ত্ত কৰা অৰুণ কুৰ্মীৰ পৰা আৰক্ষীয়ে এটা ৰিভলভাৰ, ২ টা সজীৱ গুলী, তিনিটা খালী কাৰ্টিজ জব্দ কৰে ৷ তদুপৰি অৰুণ কুৰ্মীৰ ঘৰত লুকুৱাই থোৱা আন এটা পইন্ট ২২ পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অৰুণ কুৰ্মী । কুৰ্মীয়ে বৃহত্তৰ মৰাণ, খোৱাং, মাহমৰা, ডিমৌ অঞ্চলত চুৰি-ডকাইটিৰে আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল ৷ অৰুণ কুৰ্মী ওৰফে বিকাশ কুৰ্মীৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত ৬ টা, ডিমৌ আৰক্ষী থানাত তিনিটা আৰু মৰাণহাট আৰক্ষী থানাত ১টা গোচৰ পঞ্জীয়ন হৈ আছে ৷ শেহতীয়াকৈ বগাই নামৰ এটা অপৰাধীক আটক কৰাৰ পিছতেই পোহৰলৈ আহে অৰুণ কুৰ্মীৰ কৰ্মকাণ্ড । ইফালে আৰক্ষীয়ে অৰুন কুৰ্মীক এনকাউন্টাৰৰ পিছতেই অপৰাধী চক্ৰটোৰ সৈতে জড়িত আন আন লোকসকলো আৰক্ষীৰ জালত পৰিব বুলি আশা প্ৰকাশ কৰিছে ।
বৰ্তমান মৰাণ আৰক্ষী থানাত ২৮/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি