• Home
  • »
  • News
  • »
  • crime
  • »
  • মৰেল পুলিছিঙৰ নামত ডুমডুমাত নৃশংস ঘটনা। কিয় হত্যা কৰা হ'ল শৰৎ মৰাণক?

মৰেল পুলিছিঙৰ নামত ডুমডুমাত নৃশংস ঘটনা। কিয় হত্যা কৰা হ'ল শৰৎ মৰাণক?

ৰাজহুৱা পথাৰত যুৱকজনক লৈ আনি একাংশ লোকে নিৰ্মম তথা বৰ্বৰভাৱে আক্ৰমণ কৰি অচেতন কৰি থৈ যায় ।

ৰাজহুৱা পথাৰত যুৱকজনক লৈ আনি একাংশ লোকে নিৰ্মম তথা বৰ্বৰভাৱে আক্ৰমণ কৰি অচেতন কৰি থৈ যায় ।

ৰাজহুৱা পথাৰত যুৱকজনক লৈ আনি একাংশ লোকে নিৰ্মম তথা বৰ্বৰভাৱে আক্ৰমণ কৰি অচেতন কৰি থৈ যায় ।

  • Share this:
মৰেল পুলিছিঙৰ ঘটনাৰ অন্ত কেতিয়া ? তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত কৰ্জঙা বৰপথাৰ গাঁৱত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । প্ৰকৃততে কিয় হত্যা কৰা হৈছিল ১নং কৰদৈগুৰি গাঁৱৰ শৰৎ মৰাণক ? আৰক্ষীয়ে তদন্তৰ খাতিৰত কোনো কথা প্ৰকাশ কৰা নাই যদিও চুৰিৰ সন্দেহতেই একাংশ লোকে ধৰি-বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ ৰাইজে ।

অভিযোগ মতে শনিবাৰে নিশা প্ৰায় দুই বজাত কৰ্জঙা বৰপথাৰ গাঁৱৰ এজন লোকৰ ঘৰত মৃত শৰৎ মৰাণৰ লগতে আন এজন যুৱক উপস্থিত হৈছিল । সেই সময়তেই পৰিয়ালে গড়ালৰ হাঁহ-কুকুৰা, গৰু-ছাগলীয়ে চিঞৰাত পৰিয়ালৰ লোক বাহিৰলৈ ওলাবলৈ লওতেই যুৱক দুজনে ভাবুকি প্ৰদান কৰে। কিন্তু কিছুসময়ৰ পাছতেই গাঁৱৰ অন্য লোকসকল সেই স্থানত উপস্থিত হোৱাত যুৱক দুজন পলায়ন কৰে । পলায়ন কৰা যুৱক দুজনক ৰাইজে খেদি যোৱাত এজন যুৱক পলাই সাৰে যদিও শৰৎ মৰাণক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত গাঁওখনৰ ৰাজহুৱা পথাৰত যুৱকজনক লৈ আনি একাংশ লোকে নিৰ্মম তথা বৰ্বৰভাৱে আক্ৰমণ কৰি অচেতন কৰি থৈ যায় । সেই সময়তেই স্থানীয় সচেতন লোকসকলে বাঘজান আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে যদিও আৰক্ষী বহু সময় পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ কৰিছে একাংশ লোকে । পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শৰৎ মৰাণক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে যুৱকজনৰ মৃত্যু ঘটে ।

মৰেল পুলিছিঙৰ এই মৰ্মান্তিক ঘটনাক সহজভাৱে ল'ব পৰা নাই শৰতৰ পৰিয়ালে । ঘটনা সম্পৰ্কে মৰাণ ছাত্ৰ সন্থায়ো তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে । শৰৎ মৰাণক হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে ১২ জন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি