• Home
  • »
  • News
  • »
  • crime
  • »
  • মঙলদৈত আলফাৰ নামত শিক্ষকক ১০ লাখ টকা দাবী ! দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল ৩জন...

মঙলদৈত আলফাৰ নামত শিক্ষকক ১০ লাখ টকা দাবী ! দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল ৩জন...

আলফাৰ নামত ধন দাবী কৰি ধন নিবলৈ অহা যুৱক আটক হ'ল মঙ্গলদৈ কৰিম চ'কত। মঙলদৈ ধৰিয়াখাইতিৰ যুৱক চাহেব আলীক ধৰাৰ পিছত চাহেব আলীৰ ভাষ্য অনুসৰি আজাদ আলী, জোনজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আলফাৰ নামত ধন দাবী কৰি ধন নিবলৈ অহা যুৱক আটক হ'ল মঙ্গলদৈ কৰিম চ'কত। মঙলদৈ ধৰিয়াখাইতিৰ যুৱক চাহেব আলীক ধৰাৰ পিছত চাহেব আলীৰ ভাষ্য অনুসৰি আজাদ আলী, জোনজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আলফাৰ নামত ধন দাবী কৰি ধন নিবলৈ অহা যুৱক আটক হ'ল মঙ্গলদৈ কৰিম চ'কত। মঙলদৈ ধৰিয়াখাইতিৰ যুৱক চাহেব আলীক ধৰাৰ পিছত চাহেব আলীৰ ভাষ্য অনুসৰি আজাদ আলী, জোনজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

  • Share this:
আলফাৰ নামত ধন দাবী কৰি ধন নিবলৈ অহা যুৱক গ্ৰেপ্তাৰ হ'ল মঙ্গলদৈ কৰিম চ'কত। মঙলদৈ ধৰিয়াখাইতিৰ যুৱক চাহেব আলীক ধৰাৰ পিছত চাহেব আলীৰ ভাষ্য অনুসৰি আজাদ আলী, জোনজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত চলোৱা অভিযানকাৰী দলে।

মঙ্গলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াই সংবাদ মেল যোগে জানিব দিয়া মতে  শুক্ৰবাৰে আবেলিৰ পৰা ৩ স্হানত বিশেষ অভিযান চলাই আলফাৰ নামত ধনদাবীৰে জড়িত ৩ যুৱকক কৰায়ত্ত কৰে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে পোনতে মঙলদৈ কৰিম চ'কত অভিযান চলাই দাবী কৰা ধন নিবলৈ অহা যুৱক চাহেব আলীক কৰায়ত্ত কৰে। লগে লগে দলটোৱে মঙলদৈ থানালৈ আহে আৰু চাহেব আলীক লগত লৈ দলটোৱে আউলাচৌকালৈ আগবাঢ়ে। আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলাই আৰক্ষীৰ দলটোৱে নিজ ঘৰৰ পৰা আজাদ আলী নামৰ আন এজনক কৰায়ত্ত কৰে। এইবাৰ দুয়ো জনক লগত লৈ আৰক্ষীৰ দলটো আগবাঢ়ে পাথৰিঘাটলৈ। পাথৰিঘাটৰ হাপামাৰাৰ পৰা দলটোৱে অভিযান চলাই জোনজ্যোতি বনিয়া নামৰ তৃতীয় অভিযুক্তটোক কৰায়ত্ত কৰি নিশা ৮ বজাত মঙলদৈ থানাত উপস্থিত হয়। দলটোৱে এগৰাকী শিক্ষকক ধনদাবী কৰাৰ পাছত শুক্ৰবাৰে প্ৰায় ৫ ঘন্টাজোৰা ৰুদ্ধশ্বাস অভিযান চলায় । মঙ্গলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত চলা অভিযানত দলটোত আছিল নগৰীয়া শাখাৰ উপ-পৰিদৰ্শক ডান্টেজিৎ দেউৰী, উপ-পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰ সহ উপ-পৰিদৰ্শক নীৰজ আলম চৌধুৰী। আনহাতে ধন দাবী কৰা শিক্ষক মতলেবুদ্দিন আহমেদৰ পৰিয়ালে জানিব দিয়া মতে ২৩ আগষ্টত দুজন যুৱকে  এখন আলফা (স্বাধীন)ৰ পেডত ধন দাবী পত্ৰ ঘৰত দি আহিছিল। দহ লাখ টকা দাবী কৰিছিল মঙ্গলদৈ থানাৰ অন্তৰ্গত মঙ্গলদৈ গাওঁৰ শিক্ষক মতলেবুদ্দিন আহমেদক।সমগ্ৰ ঘটনা মঙ্গলদৈ আৰক্ষীক অৱগত কৰিছিল ভুক্তভোগী পৰিয়ালে আৰু সেই অনুসৰি দাবী কৰা ধন নিবলৈ আহোতে খাপ পিটি থকা মঙ্গলদৈ আৰক্ষীয়ে আটক কৰে। বৰ্তমান মঙ্গলদৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ধন নিবলৈ অহা যুৱক জনৰ পৰা ধন দাবী কৰা মোবাইল ফোন লগতে AS13 N-4198 নম্বৰৰ দুচকীয়া বাহন জব্দ কৰে। প্ৰকৃত আলফা হয় নে নহয় সেই বিষয়েও আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।
Published by:Kokil Sarma
First published: