মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Money Recovered : যোৰহাটত গোসাঁইঘৰৰ থাপনাৰ তলৰ পৰা ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । আঁৰৰ কাহিনী জানিলে হতচকিত হৈ পৰিব আপুনি!

Money Recovered : যোৰহাটত গোসাঁইঘৰৰ থাপনাৰ তলৰ পৰা ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । আঁৰৰ কাহিনী জানিলে হতচকিত হৈ পৰিব আপুনি!

News18 Assam | News18-Assam
Updated:September 26, 2021, 11:21 PM IST
Money Recovered : যোৰহাটত গোসাঁইঘৰৰ থাপনাৰ তলৰ পৰা ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা । আঁৰৰ কাহিনী জানিলে হতচকিত হৈ পৰিব আপুনি!
Money Recovered : আৰক্ষীয়ে অনিমেশ শইকীয়াৰ পৰা ৩ লাখ ৮০ হাজাৰ টকা আৰু নিতুল গগৈৰ পৰা ২ লাখ টকা উদ্ধাৰ কৰিছে।

Money Recovered : আৰক্ষীয়ে অনিমেশ শইকীয়াৰ পৰা ৩ লাখ ৮০ হাজাৰ টকা আৰু নিতুল গগৈৰ পৰা ২ লাখ টকা উদ্ধাৰ কৰিছে।

  • News18 Assam
  • Last Updated: September 26, 2021, 11:21 PM IST
  • Share this:
যোৰহাটৰ পটিয়াগাৱৰ এটা বাসগৃহৰ উপাসনাস্থলীৰ থাপনাৰ তলত বাণ্ডিলে বাণ্ডিলে টকা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । থাপনাৰ তলৰ পৰা মাটি খান্দি উলিওৱা টকাখিনি আৰক্ষীয়ে জব্দ কৰিছে । কিন্তু থাপনাৰ তললৈ ক'ৰ পৰা আহিল ইমানখিনি টকা।

যোৰহাট পটিয়াগাৱৰ অনিমেশ শইকীয়া নামৰ যুৱকজনৰ ঘৰৰ থাপনাৰ তলত ওলাইছে এই টকাখিনি। অনিমেশে এনেদৰে থাাপনাৰ তলত লুকুৱাই থৈছিল এইখিনি টকা। পিছে অনিমেশ শইকীয়াই ক'ত পালে ইমান টকা! ঘটনা জনাৰ পিছত সকলো হৈছে হতভম্ব। দৰাচলতে এয়া হৈছে চিলনী চোৰে লুটি অনা টকা ।

যোৰহাট নগৰৰ গড়আলিৰ স্বস্তিক ইণ্ডিয়া নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা যোৱা ২১ ছেপ্টেম্বৰৰ সন্ধ্যা এখন স্কুটীত অহা দুজন যুৱকে বৃহৎ পৰিমাণৰ ধন থপিয়াই লৈ গৈছিল । অৱশেষত এই ঘটনাৰ লগত জড়িত দুজন অভিযুক্তক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ধৃত যুৱকদুজনৰ পৰা আৰক্ষীয়ে নগদ ধনো জব্দ কৰিছে । ধৃত যুৱক দুজনৰেই এজন হৈছে যোৰহাট পটিয়াগাৱৰ অনিমেশ শইকীয়া। আনহাতে অনিমেশৰ লগৰ ধৃত আনজন হৈছে ধেমাজিৰ নিতুল গগৈ ।

আৰক্ষীয়ে অনিমেশ শইকীয়াক নাইট ছুপাৰত ধেমাজিলৈ গৈ থকা অৱস্থাত কলিয়াবৰৰ পৰা আৰু নিতুল গগৈক ডিব্ৰুগড়ৰ টেঙাখাটৰ পৰা গ্ৰেপ্তাৰ কৰে । ধৃত অনিমেশক জেৰা কৰাৰ পিছত তেওঁৰ বাসগৃহত গোসাঁইঘৰৰ থাপনাৰ তলত পুতি থোৱা অৱস্থাত  টকাৰ বাণ্ডিলসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰে ।

আৰক্ষীয়ে অনিমেশৰ পৰা ৩ লাখ ৮০ হাজাৰ টকা আৰু নিতুল গগৈৰ পৰা ২ লাখ টকা উদ্ধাৰ কৰিছে। ধৃত দুয়োজন যুৱকে এই ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে । আৰক্ষীয়ে যুৱককেইজনে ব্যৱহাৰ কৰা দুচকীয়া বাহনখনো জব্দ কৰিছে ।

শাৰদীয় উৎসৱৰ বতৰ আৰম্ভ হ'বলৈ লোৱাৰ সময়তে যোৰহাটত এনেদৰে চিলনী চোৰৰ দল সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে । আৰক্ষীয়ে সেয়েহে বেঙ্কৰ পৰা ধন উলিয়াওতে তথা জমা কৰিবলৈ আহোতে  সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ।
Published by: Manjumoni Borah
First published: September 26, 2021, 11:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি