உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Money Lending : নগাঁৱত শৰীৰচৰ্চাবিদৰ সন্ত্ৰাস! সুদৰ ব্যৱসায়ৰে বহু লোকক মানসিক নিৰ্যাতনৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী

    Money Lending : নগাঁৱত শৰীৰচৰ্চাবিদৰ সন্ত্ৰাস! সুদৰ ব্যৱসায়ৰে বহু লোকক মানসিক নিৰ্যাতনৰ অভিযোগ, আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী

    Money Lending : বহি:ৰাজ্যলৈ পলায় নগাঁৱৰ সুদখোৰ শৰীৰচৰ্চাবিদ কমল ছেত্ৰীৰ। আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল

    Money Lending : বহি:ৰাজ্যলৈ পলায় নগাঁৱৰ সুদখোৰ শৰীৰচৰ্চাবিদ কমল ছেত্ৰীৰ। আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল

    Money Lending : বহি:ৰাজ্যলৈ পলায় নগাঁৱৰ সুদখোৰ শৰীৰচৰ্চাবিদ কমল ছেত্ৰীৰ। আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল

    • Share this:
    সুদৰ ব্যৱসায় (Money Lender)ৰে নগাঁৱ (Nagaon)ত ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰা সুদখোৰ ইমৰাণ হুছেইন ওৰফে ইৰাণ (Imran Hussain alias Iran)ক গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ নগাঁৱৰ বহু সুদখোৰৰ কলংকিত অধ্যায়ৰ কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা বহু লোকৰ সম্পত্তি দখল কৰিছিল ইৰাণে। পিছে ইৰাণৰ লগতে নগাঁৱৰ এগৰাকী শৰীৰচৰ্চাবিদেও  সুদত ধন দি বহু লোকক সৰ্বস্ৰান্ত কৰি বৰ্তমান পলাতক অৱস্থাত আছে।

    জানিব পৰা মতে, কমল ছেত্ৰী (Kamal Chetry) নামৰ নগাঁৱৰ এইগৰাকী শৰীৰ চৰ্চাবিদে তেঁওৰ ব্যায়ামগাৰত কৰ্মৰত বিজিত মহন্ত নামৰ এজন যুৱকক ১লাখ (Rupees 1 Lakh) টকা সুদলৈ দিছিল।  ইয়াৰ বিনিময়ত ছেত্ৰীয়ে বিজিত মহন্তক উকা দলিলত চহী কৰিবলৈ বাধ্য কৰিছিল। পৰৱৰ্তী সময়ত বিজিত মহন্তক ১লাখ টকাৰ পৰিৱৰ্তে ৩৮লাখ টকা আদায়ৰ নিৰ্দেশ দিয়ে। বিজিত মহন্তই ইমান বৃহৎ পৰিমাণৰ ধাৰ পৰিশোধ কৰিব নোৱাৰাত ছেত্ৰীয়ে মহন্তৰ পুৰণিগুদামস্থিত ঘৰ-মাটি দখল কৰে। ইয়াৰ পিছতো কমল ছেত্ৰীয়ে ধন বিচাৰি বিজিত মহন্তক যথেষ্ট মানসিক নিৰ্যাতন চলায়।

    অৱশেষত যোৱা ২২মাৰ্চত বিজিত মহন্তই কমল ছেত্ৰীৰ নিৰ্যাতনৰ কথা লিখি আত্মহত্যা কৰিবলৈ বাধ্য হয়। নিজৰ মাটি-সম্পত্তিৰ লগতে একমাত্ৰ পুত্ৰক হেৰুওৱা বিজিত মহন্তৰ পিতৃয়ে কমল ছেত্ৰীৰ বিৰুদ্ধে ইটাচালি আৰক্ষী থানাত গোচৰ তৰে। কিন্তুু সেইসময়ত ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা সঞ্জীৱ সিনহাই অপৰাধী কমল ছেত্ৰীক গ্ৰেপ্তাৰ কৰাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ কৰিছে পৰিয়ালটোৱে। বৰ্তমান সঞ্জীৱ সিনহা হোজাই আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে। বৰ্তমানেও পলাতক অৱস্থাত আছে সুদখোৰ শৰীৰচৰ্চাবিদ কমল ছেত্ৰী।

    শেহতীয়াকৈ সুদৰ ব্যৱসায়ৰে নগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা ইৰাণক গ্ৰেপ্তাৰৰ পিছতে মৃত বিজিত মহন্তৰ পৰিয়ালে পুনৰ পুত্ৰৰ আত্মহত্যাৰ গোচৰৰ ন্যায় বিচাৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাষ চাপিছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: