ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছৰে পৰা এনেধৰণৰ অশ্লীল আৰু ভাবুকিৰ কলছ পাই আছে সাগৰিকা সুমন (Sagarika Shona Suman)এ।
ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছৰে পৰা এনেধৰণৰ অশ্লীল আৰু ভাবুকিৰ কলছ পাই আছে সাগৰিকা সুমন (Sagarika Shona Suman)এ।
মডেল-অভিনেত্ৰী সাগৰিকা সুমনে (Sagarika Shona Suman) থানাত এজাহাৰ দাখিল কৰি অভিযোগ কৰিছে তেওঁলৈ ভাবুকি ভৰা কল আহি থকা বুলি। ফেচবুক আৰু ইনষ্টাগ্ৰাম মেছেঞ্জাৰত সাগৰিকালৈ অশ্লীল আৰু ভাবুকিভৰা কলছ আহিছে কিছুমান ভুৱা আৰু অটোমেটেড একাউণ্টৰ পৰা। ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছৰে পৰা এনেধৰণৰ অশ্লীল আৰু ভাবুকিৰ কলছ পাই আছে সাগৰিকা সুমনে। কুন্দ্ৰাৰ পৰ্ণ ৰেকেট (Kundra's Porn racket)ৰ বিৰুদ্ধে অতি সক্ৰিয়ভাৱে মাত মাতি আহিছে সাগৰিকাই।
সাগৰিকাই অলপতে কৈছিল যে কুন্দ্ৰাৰ প্ৰাক্তন ব্যক্তিগত সহায়কাৰী উমেছ কামাট (PA Umesh Kamat)এ ফোন কৰি তেওঁক এটা ৱেব ছিৰিজত অভিনয়ৰ বাবে মাতিছিল। সাগৰিকাই অভিযোগ কৰি কয়, "তেওঁ মোক এটা অনলাইন অডিচনৰ বাবে অফাৰ দিছিল। লকডাউনৰ কাৰণে যিহহেতু বেছিভাগ অডিচনেই অনলাইন হৈছিল সেয়ে মই মান্তি হৈছিলোঁ। কিন্তু অডিচনৰ সময়ত তেওঁলোকে মোক কাপোৰ খুলিবলৈ কৈছিল আৰু তেতিয়া মই সেই অফাৰ প্ৰত্যাখ্যান কৰিছিলোঁ।"
এজাহাৰত সাগৰিকাই লিখিছে, "কলছবোৰত মোক হত্যা বা ৰেপ কৰাৰ ভাবুকি দিছে। তদুপৰি সেইবোৰ অতি অশ্লীল। মই মোৰ প্ৰাণৰ সংশয়ত ভূগিছোঁ, কাৰণ কিছুমান পাগল আৰু উন্মাদ লোক ঘূৰি আছে বাহিৰত, যিসকল ৰাজ কুন্দ্ৰাৰ ঘনিষ্ঠ আৰু অনুৰাগীও। তেওঁলোকে মোক আৰু মোৰ পৰিয়ালৰ হানি কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে।"
উল্লেখ্য যে ৰাজ কুন্দ্ৰাক ২৭ জুলাইলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কুন্দ্ৰাৰ পৰ্ণ ব্যৱসায় সন্দৰ্ভত পত্নী অভিনেত্ৰী শিল্পা ছেট্টীকো মুম্বাই আৰক্ষীয়ে জেৰা কৰি আছে। ক্ৰাইম ব্ৰান্সে এয়াও তদন্ত কৰি আছে যে শিল্পাৰ বেংক একাউণ্ট যোগেও পৰ্ণ এপৰ ধনৰ লেনদেন হৈছিল নেকি?
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|