• Home
  • »
  • News
  • »
  • crime
  • »
  • HOJAI : হোজাইত মহিলা ৰে'লযাত্ৰীৰ ম'বাইল থপিয়াই পলাইছিল চোৰ, কিন্তু দিন বেয়া আছিল চোৰ লালচান্দৰ

HOJAI : হোজাইত মহিলা ৰে'লযাত্ৰীৰ ম'বাইল থপিয়াই পলাইছিল চোৰ, কিন্তু দিন বেয়া আছিল চোৰ লালচান্দৰ

সময় বুজি গভাইত চোৰৰ গেঙে লুট কৰিব পাৰে আপোনাৰ মূল্যৱান ফোন।

সময় বুজি গভাইত চোৰৰ গেঙে লুট কৰিব পাৰে আপোনাৰ মূল্যৱান ফোন।

সময় বুজি গভাইত চোৰৰ গেঙে লুট কৰিব পাৰে আপোনাৰ মূল্যৱান ফোন।

  • Share this:
সাৱধান, আপুনি যদি ৰে'ল যাত্ৰী তেন্তে হওক সাৱধান। কিয়নো এতিয়া ষ্টেচনত পিটপিটাই ঘূৰি ফুৰিছে গভাইত চোৰ। এই গভাইত চোৰৰ শেনচকু এতিয়া আপোনাৰ পছন্দৰ মূল্যৱান মোবাইলত। ফলত সময় বুজি গভাইত চোৰৰ গেঙে লুট কৰিব পাৰে আপোনাৰ মূল্যৱান ফোন।

বৃহস্পতিবাৰৰ পুৱাই হোজাইত সংঘটিত হ'ল এনে এক ঘটনা। ক'ৰবালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে হোজাই ৰে'ল ষ্টেচনত আছিল অকলশৰীয়া এগৰাকী মহিলা যাত্ৰী।মহিলাযাত্ৰীক অনুসৰণ কৰি আছিল গভাইত চোৰৰ এটা দলে। সেইমতে উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছ ট্ৰেইনখন হোজাই ষ্টেচন আহি পোৱাত মহিলা যাত্ৰীগৰাকীয়ে গন্তব্য স্থানলৈ যাবলৈ ৰে'লত উঠাৰ সময়তে এটা চোৰে থপিয়াই তেওঁৰ মূল্যৱান ৰেডমিৰ মোবাইল ফোন।

পিছে আজি দিন বেয়া আছিল গভাইত চোৰটোৰ। কিয়নো চোৰে মোবাইল থপিওৱাৰ লগে লগে মহিলাগৰাকীয়ে গম  পাই  চিঞৰ-বাখৰ কৰাত ততালিকে ৰে'ল আৰক্ষী উপস্থিত হৈ মোবাইল চোৰ  জাগীৰোডৰ লালচন্দ ইছলামক কৰায়ত্ত কৰাৰ লগতে উদ্ধাৰ কৰে ৰেডমিৰ চুৰি মোবাইলটো।

সম্প্ৰতি হোজাই ৰে'ল আৰক্ষীৰ জিম্মাত থকা ধৃত চোৰটোক আৰক্ষীয়ে জেৰা চলাই তেওঁৰ সতীৰ্থ চোৰক কৰায়ত্ত কৰিবলৈ অব্যাহত ৰাখিছে চেষ্টা। মুঠৰ ওপৰত ৰে'ল যাত্ৰাৰ সময়ত সচেতন নহ'লে গভাইত চোৰে লুট কৰিব পাৰে আপোনাৰ মূল্যৱান সামগ্ৰী।
Published by:Gautam Barman
First published: