உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Nagaon: মূৰত গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন, নগাঁৱত চাঞ্চল্য

    Nagaon: মূৰত গুলীয়াই দুৰ্বৃত্তই লুটি নিলে ধন, নগাঁৱত চাঞ্চল্য

    সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি

    সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি

    সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি

    • Share this:
    ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰীক টকাসহ গন্তব্যস্থল অভিমুখে আহি থকা অৱস্থাত দুৰ্বৃত্তই মূৰত গুলীয়াই টকা লুট কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে নগাঁৱত।

    নগাঁৱৰ কাঠপাৰাত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় হুমায়ুন কবিৰ নামৰ লোকগৰাকী। জানিব পৰা মতে, কলিয়াবৰৰ পৰা হুমায়ুন কবিৰ আহি আছিল কাৱৈমাৰীলৈ। সেই সময়তে কাঠপাৰাত দুখন মটৰচাইকেলত অহা দুৰ্বৃত্তই বাট আগচি হুমায়ুনক লক্ষ্য কৰি চাৰি জাঁই গুলীচালনা কৰে আৰু তেওঁ লগত অনা কেইবালাখ টকা লৈ উধাও হয়।

    হুমায়ুন কবিৰক পথত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে সকলো দিশত তদন্ত কৰি আছে।
    Published by:Gautam Barman
    First published: