உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • মাৰণাস্ত্ৰ দেখুৱাই হাঁহ-কুকুৰা লৈ যোৱাৰ চেষ্টা, আলফা স্বাধীনৰ নামত ধন দাবী কৰি সোণাৰিত নিশা দুৰ্বৃত্তৰ সন্ত্ৰাস

    মাৰণাস্ত্ৰ দেখুৱাই হাঁহ-কুকুৰা লৈ যোৱাৰ চেষ্টা, আলফা স্বাধীনৰ নামত ধন দাবী কৰি সোণাৰিত নিশা দুৰ্বৃত্তৰ সন্ত্ৰাস

    সোণাৰি নগৰৰ সমীপৰ জবকা চাহ বাগিচাত নিশা  আলফাৰ(স্বাধীন)ৰ নামত অচিনাক্ত লোকে কৰ্ণ উৰিয়া আৰু ধৰ্মেশ্বৰ উৰিয়াৰ ঘৰত সন্ত্ৰাসৰ সৃষ্টি কৰে।

    • Share this:
    চৰাইদেউ জিলাৰ সোণাৰি (Sonari)ত আলফা স্বাধীন (ULFA-I)ৰ নামত ধন দাবী কৰি একাংশ লোকে ত্ৰাসৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ সোণাৰি নগৰৰ সমীপৰ জবকা চাহ বাগিচাত নিশা  আলফাৰ(স্বাধীন)ৰ নামত অচিনাক্ত লোকে কৰ্ণ উৰিয়া আৰু ধৰ্মেশ্বৰ উৰিয়াৰ ঘৰত সন্ত্ৰাসৰ সৃষ্টি কৰে।

    মাৰাণাস্ত্ৰৰ ভয় দেখুৱাই পৰিয়াল দুটাক ভাবুকি প্ৰদান কৰি ঘৰৰ হাঁহ, কুকুৰা লৈ যোৱাৰ চেষ্টা কৰে দুৰ্বৃত্তৰ দলটোৱে । ঘৰৰ গৃহস্থই প্ৰশ্ন কৰাত বাহিৰত সাতজনীয়া দল আছে বুলি কৈ  মনে মনে থাকিবলৈ ধমকি দিয়ে অন্যথা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। প্ৰতিবেশীয়ে এই কথা অৱগত হোৱাৰ পাছত আলফাৰ নামত লুট-পাট চলাবলৈ চেষ্টা কৰা দুৰ্বৃত্তই পলায়ন কৰে।

    পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালে সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে আলফা(স্বা)ৰ নামত সংঘটিত হোৱা এই ঘটনাই এতি চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ সোণাৰিত।
    Published by:Manjumoni Borah
    First published: