এইবাৰ আৰক্ষী পহৰা চকী চৌহদৰ ভিতৰতে দুৰ্বৃত্তৰ দলে জ্বলাই দিলে জব্দকৃত বিলাসী বাহন। জানিবলৈ পোৱা মতে, শনিবাৰে নিশা প্ৰায় ২.৩০ বজাত ঘটনাটো সংঘটিত হয় ধুবুৰী জিলাৰ শৌলমাৰী আৰক্ষী পহৰা চকীত। উল্লেখযোগ্য যে শনিবাৰে আৰক্ষীয়ে এখন বিলাসী বাহনত কৌশলেৰে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ লৈ যোৱা ছটাকৈ গৰু আৰু গাড়ীখন জব্দ কৰিছিল আৰক্ষীয়ে (CATTLE SMUGGLING)।
নিশা থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষীৰ এটা দলে পেট্ৰ'লিঙত যোৱাৰ সুযোগতে তিনি-চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই বাইকেদি আহি জব্দকৃত চোৰাং গৰু কঢ়িয়াই অনা ছুইফট ডিজায়াৰ গাড়ীখন সম্পূৰ্ণৰূপে জ্বলাই দিয়ে (Miscreants burn a swift dzire) । উল্লেখ্য, শৌলমাৰী আৰক্ষীয়ে চোৰাং গৰু কঢ়িয়াই অনা AS 01 A J 5173 ছুইফট গাড়ীখন জব্দ কৰি থানালৈ আনিছিল।
দিনত জব্দ কৰা গাড়ী নিশা প্ৰায় ২.৩০ বজাত দুৰ্বৃত্তৰ দলে আহি পেট্ৰ'ল ঢালি জ্বলাই দি পলাই যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত। আৰক্ষীয়ে (Dhubri police) ঘটনাস্থলীত অভিযান চলাই যদিও দুৰ্বৃত্তৰ দলটোৰ সন্ধান পোৱা নাই। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কোনে কি কাৰণত সংঘটিত কৰিলে এই ঘটনা?
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|